fbpx
অসমীয়াৰাষ্ট্ৰীয়

বিয়াৰ কথা ভাবি ৰাতি নাহে টোপনি! বিয়া কৰাই দিবলৈ প্ৰধানমন্ত্ৰীক খাটনি ধৰিলে আঢ়ৈ ফুটীয়া মনচুৰীয়ে

নিউজ ডেস্কঃ বিয়া পাতিবলৈ খুব ইচ্ছা মনচুৰীৰ। কইনা ঠিক হৈও আছে। কিন্তু মাক-দেউতাকে এতিয়াও বিয়া পাতি দিব বিচৰা নাই। যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে বিয়া পাতি দিবলৈ খাটনি ধৰিছে মনচুৰীয়ে। এই ঘটনাই হাঁহিৰ খোৰাক দিছে নেটিজেনক।

photo1652440298

দৰাচলতে  উত্তৰ প্ৰদেশৰ চামলিৰ কৈৰানাৰ নিৱাসী আজিম মনচুৰী। উচ্চতা আঢ়ৈ ফুট। কম উচ্চতাৰ বাবে চৰ্চিত মনচুৰীৰ বিয়া ঠিক হৈ আছে হাপুৰৰ এগৰাকী একে উচ্চতাৰ মহিলাৰ সৈতে।

photo1652440342

কিন্তু মনচুৰীৰ পিতৃ-মাতৃয়ে বিচাৰে- একেলগেই সম্পন্ন হওক তেওঁলোকৰ তিনিওটা সন্তানৰ বিয়াখন। মনচুৰীৰ কইনা ঠিক হৈ থাকিলেও আন দুজন পুত্ৰৰ কইনা বিচাৰি থকা হৈছে। সেয়ে এতিয়াই তেওঁলোকে মুনচুৰীক বিয়া পাতি দিবলৈ অস্বীকাৰ কৰিছে।

photo1652440308

এই বাবেই এতিয়া প্ৰতিবাদত নামিছে মনচুৰী। বিচাৰিছে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ। বৃহস্পতিবাৰে, আজিমে হাতত এখন পোষ্টাৰ লৈ এছ.এইছ.অ’ত উপস্থিত হৈ তেওঁৰ বিবাহ সম্পন্ন কৰি দিবলৈ অনুৰোধ ককৰে। ইফালে, কৈৰানাৰ এছ এইছ অ’য়ে তেওঁৰ লিখিত আবেদন গ্ৰহণ কৰি সোনকালে বিবাহৰ আয়োজন কৰি দিব বুলি তেওঁক আশ্বাস দিয়ে।

photo1652440326

আজিমে কয়, “মোৰ বিয়া কৰাৰ বহুত ইচ্ছা আছে। মই ৰাতি শুবও নোৱাৰো। কোনেও নাজানে যে মই মোৰ জীৱন সংগীৰ বাবে কিমান ব‍্যাকুল। মোৰ ভাতৃসকলে পিছত বিয়া কৰাই থাকিব, কিন্তু মোক প্ৰথমে বিয়া পাতি দিয়ক। মোৰ মা-দেউতাই মোক বিয়া পাতি নিদি ভুল কৰিছে।’’

photo1652440331

আজিম মনচুৰীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰতো তেওঁক বিয়া পাতি দিবলৈ অনুৰোধ জনায়। জানিব পৰা মতে, ২৮ বছৰীয়া আজিমে মহিলা আৰক্ষী থানালৈ গৈও বিয়া পাতি দিবলৈ অনুৰোধ কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!