বিয়াত দৰা-কইনাক উপহাৰ দিলে পিয়াঁজ, পেট্ৰ’ল আৰু চিলিণ্ডাৰ! ভাইৰেল ভিডিঅ’

বিয়াত দৰা-কইনাক উপহাৰ দিলে পিয়াঁজ, পেট্ৰ’ল আৰু চিলিণ্ডাৰ! ভাইৰেল ভিডিঅ’

February 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিবাহ অনুষ্ঠানত দৰা-কইনাক উপহাৰ দিয়াটো এটা পৰম্পৰা। সেয়েহে বিবাহত উপহাৰ দিয়া হয়েই।

আপুনি বাৰু বিবাহ অনুষ্ঠানত দম্পতীক উপহাৰ কি দিয়ে? গহনা, কাপোৰ, বাচন, বৈদ্যুতিক সামগ্ৰী বা আন দেখনিয়াল সামগ্ৰী দিয়ে নহয়নে?

কিন্তু এইবাৰ এখন বিবাহৰ উপহাৰ সামগ্ৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

সাধাৰণ উপহাৰৰ পৰিৱৰ্তে বিবাহখনত দম্পতীক দিয়া হল অত্যাৱশ্যকীয় সামগ্ৰী। যিটো দৃশ্য আনকি সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

বিবাহখন তামিলনাডুৰ। বিবাহ অনুষ্ঠানত সঠিক ঠাইত বহি আছে দৰা-কইনা। তেনেতে কিছুলোকে দৰা-কইনাক দিছেগৈ উপহাৰ। উপহাৰ মানে কিছু পৃথক উপহাৰ।

উপহাৰটো হ’ল অত্যাৱশ্যকীয় সামগ্ৰীৰ উপহাৰ। অৰ্থাৎ দৰা-কইনাই উপহাৰ হিচাপে লাভ কৰিলে পিয়াঁজৰ টোপোলা, এক গেলন পেট্ৰ’ল আৰু এটা এল পি জি চিলিণ্ডাৰ। চাওক ভিডিঅ’

উল্লেখনীয় যে বৰ্তমান সময়ত এই তিনিটা সামগ্ৰীৰ দাম অত্যধিক। সাধাৰণ লোকৰ বাবে ই হৈ পৰিছে চিন্তনীয়।

সেয়েহে নৱ দম্পতীক তেওঁলোকে উপহাৰ হিচাপে দিলে এই সামগ্ৰী। অৱশ্যে এই উপহাৰ লাভ কৰি দৰা-কইনাৰ মুখত হাঁহি বিৰিঙিল।