বিহু হাজাৰ হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়, ক’ভিডৰ কোনো চিকিৎসাই নাইঃ বিশ্বজিৎ দৈমাৰী

উৰুকাৰ নিশাৰ কাৰ্ফিউক সমৰ্থন অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ।
কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীস্থিত ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত সমস্যাৰ বুজ লবলৈ বুধবাৰে উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷
য’ত অধ্যক্ষ গৰাকীয়ে উৰুকাৰ নিশাৰ কাৰ্ফিউক সমৰ্থন কৰি কয়, বিহুত হাজাৰ হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়। বছৰটো কষ্ট কৰি ধান উৎপাদন কৰাৰ পিছত ঘৰতে পিঠা বনাই এসাজ মাছে-মাংসই খোৱাটোহে হ’ল ভোগালী বিহু। বিহুৰ দিনাখন আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি ঈশ্বৰৰ প্ৰতি নৈৱেদ্য আগবঢ়াই নিজে খাওঁ।
লগতে নিশা এছ অ’পি দিয়া সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাতি ৰাতি কিয় ঘূৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰি আমাৰ মাজত সঘনে লগ পাই থকাটো কমাব লাগিব বুলি মন্তব্য কৰে।
ক’ভিডৰ বাবেহে কাৰ্ফিউ বুলি মন্তব্য কৰি কৰি ক’ভিডৰ কোনো চিকিৎসাই নাই বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে ।
উল্লেখ্য যে, ১৯৯৬ চনত স্থাপিত হোৱা কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খন ঐতিহাসিক বি টি আৰ চুক্তি সম্পাদনাৰ পিছত প্ৰাদেশীকৰণৰ স্বীকৃতি লাভ কৰিছিল৷ কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ প্ৰাদেশীকৰণ সম্পন্ন হ’ল যদিও মহাবিদ্যায়খনৰ আন্তঃগাঁথনি , প্ৰশাসনিক আৰু শৈক্ষিক বিভিন্ন দিশত সমস্যাৰে জৰ্জৰিত হৈ আছে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি আৰু সমস্যাৰ বুজ লবলৈ মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ জিৰণি ৰুমত এক আলোচনাত অংশ লয়।
আলোচনাৰ অন্তত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত কোকৰাঝাৰৰ ড০ শোভা ব্ৰহ্ম সংগীত চাৰুকলা মহাবিদ্যালয়খনে সন্মুখীন হোৱা অসুবিধাৰ বুজ লোৱা বুলি মন্তব্য কৰি সমস্যা সমাধানৰ পোষকতা কৰিছে।
আনহাতে বিধানসভাৰ মজিয়াত অধ্যক্ষৰ নিৰপেক্ষতা সন্দৰ্ভত প্ৰায়ে বিৰোধীয়ে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেকে নিৰপেক্ষ বুলি দাবী কৰিছে।
সদনত অকল শাসক পক্ষ আৰু বিৰোধী পক্ষ থাকে আৰু কাৰোবাৰ বিৰুদ্ধে ৰুলিং দিলে অধ্যক্ষৰ ওপৰত অসন্তুষ্টি হৈ পৰে বুলি মন্তব্য কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভৱিষ্যতে আৰু অধিক নিৰেপক্ষ হোৱাৰ প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰিছে।