
নিউজ ডেস্ক। উছৱৰ বতৰত নিষিদ্ধ হ’ব লাগে সুৰা। খ্ৰীষ্টমাছ, নতুন বছৰ, দূৰ্গাপূজাৰ সময়ত ৰাজ্যত নিষিদ্ধ হৈছিল সুৰা। কিন্তু বিহুৰ বতৰত এইবাৰ নিষিদ্ধ নহ’ল!
‘বিহু বুলি এপেগ খাও’ বুলি টেটুলৈকে গিলি বাহন চলোৱাৰ পৰিণতিতে বিশ্বনাথত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৫ জনকৈ ফুল কুমলীয়া কিশোৰ-কিশোৰীয়ে।
হুচৰি মাৰিবলৈ ঘৰৰ পৰা ওলাই অহা বিহুৱা দলটোৰ ঢুলীয়া, নাচনী উভতি আহি নাপালেহি ঘৰ!
সুৰামত্ত বাহন চালকে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত কৰুণ মৃত্যু ঘটিল কিশোৰ-কিশোৰী কেইজনৰ।

এই শোকাবহ ঘটনাই ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহন চালকৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে। কিন্তু সুৰামত্ত চালকক কৰায়ত্ব কৰি কঠোৰতকৈও কঠোৰতম শাস্তি বিহিলেও যে মৃত্যুৰ বাটেৰে গুচি যোৱা ৫ কিশোৰ-কিশোৰী আকৌ উভতি নাহে! সেই কথাই শোকবিহ্বল কৰি তুলিছে ৰাজ্যবাসীক।

গোঁসাই বিহুৰ নিশা অৰ্থাৎ শনিবাৰে বিশ্বনাথ জিলাৰ কেইবাখনো অনুষ্ঠানত হুচৰি গাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱৰ প্ৰায় ২০ গৰাকী যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰী।
এএছ ২৫ডিচি ৭৪৮১ নম্বৰৰ এখন বলে’ৰ পিক-আপ ভানেৰে বিহু দলটোৱে দিনৰ প্ৰায় ২ বজাত সাজি-কাচি ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু কোনেও যেন কল্পনা কৰা নাছিল তেতিয়া, ওলাই গ’লে আৰু উভতি আহিব নোৱাৰিব ঘৰলৈ!

নিশা হুচৰি গাই উভতি অহাৰ সময়তে বিহু দলটোৱে আহি থকা বলেৰ’ পিক-আপ ভানখন টকৌবাৰী ৰঙাজানত দুৰ্ঘটনাত পতিত হয়। এটা কেঁকুৰি ঘূৰিবলৈ লওঁতেই দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবালুটি খাই পথৰ দাঁতিৰ পথাৰত বাগৰি পৰে।
দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৩ গৰাকী কিশোৰী আৰু ২জন কিশোৰে। দুৰ্ঘটনাত আহত হয় আন সকলো। আহত সকলৰ ৫ জনক অতি সংকটনজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
The victims were on their way home from a Bihu function. Five injured have been shifted to Gohpur Civil Hospital & Catholic Hospital at Borgang.
— Himanta Biswa Sarma (@himantabiswa) April 17, 2022
Have asked the administration to monitor the situation and provide the injured all necessary help. I pray for their speedy recovery.
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে।
জানিব পৰা মতে, অত্যাধিক সুৰাপান কৰি থকা চালকজনক বাহনৰ ভিতৰত থকা সকলোৱে গাড়ী লাহে লাহে চলাবলৈ বাৰাম্বাৰ অনুৰোধ কৰিছিল। কিন্তু তাৰ পিছত মদৰ নিচাত চালকজনে দ্ৰুতবেগে গাড়ী চলোৱাত অৱশেষত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো।

নিহত সকলক ইতিমধ্যে সঞ্জয় বসুমতাৰী (১৭), কলিমন বসুমতাৰী (২১), বৰ্ণালী বড়ো (১৫), বুদ্ধিমতী বড়ো (১৪) আৰু ৰাধিকা দৈমাৰী (১৫) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে একেখন গাঁৱৰে ৫ জনকৈ কিশোৰ-কিশোৰীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তদ্ধ কৰি তুলিছে উত্তৰ কাৰিবিলৰ কছাৰীগাঁওবাসীক। কান্দোনৰ ৰোলে কঁপাই তুলিছে নিহত সকলৰ পৰিয়াল।
অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছো। তেওঁলোকৰ পৰিয়ালবর্গলৈ সমবেদনা জনাইছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi
— PMO India (@PMOIndia) April 17, 2022
সুৰাপায়ী চালকৰ ভুলৰ বাবে সংঘটিত হোৱা এই কৰুণ দুৰ্ঘটনাটোৱে সমগ্ৰ গাঁওখনলৈ নমাই আনিছে দুখৰ অমানিশা।
ঘটনাৰ পিছত টুইটযোগে শোকব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ পল্লৱলোচন দাসকে ধৰি অন্যান্য কেইবাগৰাকীয়ে।
Anguished by the loss of 5 young lives due to an unfortunate road accident at Biswanath last night.
— Pallab Lochan Das (@pallablochandas) April 17, 2022
My heartfelt condolences to the bereaved families & I pray that those injured recover fast.
The State Govt is providing all possible assistance to the affected.
Om Shanti🙏🏽
মুখ্যমন্ত্ৰীয়ে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ সকলো সম্ভৱ সহায়ৰ নিৰ্দেশ দিছে।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে বিশ্বনাথৰ শোকাবহ ঘটনাত গভীৰ শোক ব্যক্ত কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে।
লগতে চাওকঃ
