বিহুত উপহাৰ দিবলৈ ১২ হাজাৰ গামোছা ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীয়ে, কাক কাক যাঁচিব বিহুৱান…

আজি উৰুকা। হেঁপাহৰ ব’হাগ বিহুটিক লৈ ৰাজ্যত উদুলি মুদুলি পৰিৱেশ।
হিয়াৰ আপোন বিহুটিত আপোন জনক উপহাৰ দিবলৈ ইতিমধ্যে কাপোৰ দোকানে দোকানে ভিৰ কৰিছে অসমীয়াই।
প্ৰিয়জনক যাঁচিবলৈ ইতিমধ্যে গাঁৱৰ মহিলা-যুৱতীসকলেও সাজু কৰি তুলিছে তাঁতত বোৱা গুটি ফুলৰ গামোছা।

অসমীয়াৰ বাপতিসাহোন এই বিহুটিত অসমীয়া শিপীনিসকলৰ উৎসাহ জগাবলৈ আৰু অসমীয়া হাতে বোৱা গামোচাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ক্ৰয় কৰিলে ১২ হাজাৰ গামোছা।
আমবাৰীৰ হস্ততাঁত বস্ত্ৰশিল্প সঞ্চলকালয়ৰ পৰা মুখ্যমন্ত্ৰী ক্ৰয় কৰে এই সমূহ হাতেবোৱা গামোছা।
মুখ্যমন্ত্ৰীয়ে ক্ৰয় কৰা ১২ হাজাৰ গামোছাৰ ২ হাজাৰ খন ইতিমধ্যে প্ৰেৰণ কৰা হৈছে দিল্লীলৈ।

দিল্লীৰ নেতা-মন্ত্ৰী তথা অসম আৰু অসমীয়াৰ শুভাকাংক্ষী সকলক এই গামোছা উপহাৰ হিচাপে প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বাকী ১০ হাজাৰ গামোছা ৰাজ্য চৰকাৰৰ মন্ত্ৰী, নেতা আৰু বিধায়কৰ লগতে আপোনসকলক প্ৰদান কৰিবলৈ সাজু কৰি তোলা হৈছে।
হেঁপাহৰ বিহুটিত এনেদৰে অসমীয়া জীয়াৰী-বোৱাৰীয়ে বোৱা গামোছা উপহাৰ হিচাপে প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে বিভিন্ন জনে।