বিহুক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা অনুপ চেতিয়াৰ…

নিউজ ডেস্ক। বিহুক কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ বিৰুদ্ধে এইবাৰ প্ৰতিক্ৰিয়া অনুপ চেতিয়াৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহু ৭ দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বান মৰাণ-মটক সকলে কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দিলে অনুপ চেতিয়াই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ নিজৰ জন্মগাঁৱৰ উদাহৰণ দি কয় যে মৰাণ-মটক সকলে ১৩ দিনীয়াকৈ বিহু পাতে।

G3 5
বিহুক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা অনুপ চেতিয়াৰ... 2

ডেকা ল’ৰাসকলে ঘৰে ঘৰে হুচৰি মাৰোতেই বিহুৰ ৯-১০ দিন গুছি যায়। আনহাতে যুৱতীসকলে গছৰ তলত বিহু পাতে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে যিমান যি নক’লেও মৰাণ-মটক সকলে নিজৰ পৰম্পৰা ভংগ কৰিব নোৱাৰে।

বিহু কিমান দিন পাতিব, সেয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰাম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে বুলিও মন্তব্য কৰে অনুপ চেতিয়াই। অৱশ্যে জেঠৰ মাহত বিহু অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰে চেতিয়াই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কণ্ঠশিল্পী জুবিন গাৰ্গে ৰহাৰ বাৰপূজিয়াত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰীৰ আহ্বানৰ বিৰোধিতা কৰিছিল।

‘বিহু ৰাইজে পাতে, তুমি ক’বলৈ কোন?’ বুলিও মুখ্যমন্ত্ৰীক উভতি ধৰিছিল জুবিন গাৰ্গে।

Leave a Comment