অসম
বিহুক বিদায়! উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু…

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু!
অসমীয়াৰ আন এক বিড়ম্বনা! উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল বিহু।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে চৰকাৰৰ এই চূড়ান্ত সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিছে।
ইফালে শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অসমৰ বাপতিসাহোন বিহুক পাঠ্যক্ৰমৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা জনাইছে বহু দল-সংগঠনেও।
উল্লেখ্য যে, শিক্ষামন্ত্ৰীয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা দুটা ঐচ্ছিক বিষয়-বিহু আৰু স্বদেশ অধ্যয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছিল ৰাজ্যৰ দল-সংগঠন।