অসম

বিস্ফোৰণত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ দুই পিতা-পুত্ৰই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বিস্ফোৰণত প্ৰাণ হেৰুৱালে বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ দুই পিতা-পুত্ৰই।

বুধবাৰে কেৰালাৰ কান্নুৰ জিলাৰ মাট্টাকন্নুৰৰ কাচিমুক্কুত সংঘটিত হৈছে এই ঘটনা।

এটা ভাড়াঘৰৰ ভিতৰত হোৱা বিস্ফোৰণত এজন লোক আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয়৷ 

জানিব পৰা মতে, স্ক্ৰেপ সংগ্ৰহৰ সৈতে জড়িত অসমৰ ফজল হক আৰু তেওঁৰ পুত্ৰ শ্বহিদুলৰ বিস্ফোৰণত মৃত্যু হয়।

খবৰ অনুসৰি ফজল হকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল আনহাতে বিস্ফোৰণত হাত হেৰুওৱা শ্বহিদুলৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

পৰিয়ালৰ সুত্ৰে জানিব পৰা মতে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত পোৰাগাঁৱৰ বাসিন্দা ফজল হক আৰু তেওঁৰ জ্যেষ্ঠ্য পুত্ৰ শ্বহিদুলে কিছুদিন পুৰ্বে কৰ্মসুত্ৰে কেৰালাৰ কান্নুৰ জিলাৰ মাট্টাকান্নুৰৰ কাচিমুক্কুত এটা ভঙা-চিঙা সামগ্ৰী ক্ৰয় কৰা কোম্পানীত যোগদান কৰিছিল৷

সম্প্ৰতি কেৰালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button