বিস্ফোৰক সামগ্ৰীসহ উগ্ৰপন্থী সংগঠনৰ কেডাৰ গ্ৰেপ্তাৰ

নিউজ ডেস্ক। মণিপুৰ আৰক্ষীৰ সফলতা।

ইম্ফল পশ্চিম জিলাৰ পৰা পিপলছ ৰিভলিউচনৰী পাৰ্টি অৱ কাংলেইপাক-প্ৰগ্ৰেছিভৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কেডাৰজনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী সহ আইইডি জব্দ কৰে আৰক্ষীয়ে।

ইম্ফল পশ্চিমৰ আৰক্ষী অধীক্ষক এছ ইবোমচা সিঙে জনোৱা অনুসৰি, আৰক্ষীয়ে মঙলবাৰে জিলাখনৰ লাম্ফেল আৰক্ষী থানাৰ অধীনৰ লাইৰিকেংবাম মাখা লেইকাই অঞ্চলৰ পৰা উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিদ্ৰোহীজনৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সঁজুলি আৰু আইইডি সামগ্ৰী জব্দ কৰে। যাৰ ভিতৰত আছে আইইডিৰ এটা ছেট, এটা এয়াৰগান ৰাইফল, চাৰিটা পিইকে কেক, তিনিটা ইলেক্ট্ৰনিক চাৰ্কিট, এটা ৰিমৰ্ট কণ্ট্ৰ’ল ডিভাইচ, তিনিটা ডিট’নেটৰ, বেটাৰী, আইইডি বোমা একত্ৰিত কৰাত ব্যৱহৃত চ’ল্ডাৰিং সঁজুলি আৰু এটা মোবাইল ফোন।

আৰক্ষী অধীক্ষক সিঙে লগতে কয় যে, জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীজনে প্ৰকাশ কৰে যে তেওঁ ২০১৩ চনত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাংলো গেটত আইইডি আক্ৰমণত জড়িত আছিল। আৰু ইম্ফলৰ এখন ৰেষ্টুৰেণ্টত আক্ৰমণতো জড়িত আছিল।

উগ্ৰপন্থীজনে লাইৰিকেংবাম মাখা লেইকাই অঞ্চলত বাস কৰা এজন লোকক দুটা হেণ্ডগ্ৰেনেড আনিবলৈ ভাবুকি দিছিল। যিটো মঙলবাৰে পুৱতি নিশা তেওঁৰ ঘৰৰ ওচৰৰ পথাৰত বিস্ফোৰণ হৈছিল।

গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীজনৰ লগতে জব্দ কৰা আইইডি বিস্ফোৰক সামগ্ৰীসমূহ মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ লাম্ফেল আৰক্ষী থানাক অধিক তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হস্তান্তৰ কৰা হয়।

Leave a Comment