বিশ্ব ৰেকৰ্ড গঢ়িছে সাংসদ অজিত ভূঞাই! কিয় ক’লে মন্ত্ৰী অতুল বৰাই…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ গঠন হৈছে আন এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল। আঞ্চলিক গণ মৰ্চা আৰু আৰু অসম সংগ্ৰামী মঞ্চই একত্ৰিত হৈ বুধবাৰে ঘোষণা কৰে নতুন ৰাজনৈতিক ৰাজনৈতিক দলটোৰ নাম। এক সংবাদমেল সম্বোধন কৰি বুধবাৰে জানিবলৈ দিয়া মতে, আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ নাম ৰখা হৈছে জাতীয় দল, অসম।

জানিব পৰা মতে, নতুনকৈ গঠন হোৱা এই ৰাজনৈতিক দলটোৰ সভাপতি হ’ব সাংসদ অজিত কুমাৰ ভূঞা। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই দল গঠন কৰা হৈছে বুলিও জানিবলৈ দিয়ে অজিত কুমাৰ ভূঞাই।

ইফালে ৰাজ্যত পুনৰ এটা নতুন ৰাজনৈতিক দল গঠনক লৈ অনেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ সহযোগী আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাইও।

তিনিজন ব্যক্তিৰে এখন চিহ্ন বিহীন পোষ্টাৰেৰে নতুন দল ঘোষণা কৰি অজিত কুমাৰ ভূঞাই বিশ্ব ৰেকৰ্ড গঢ়িছে বুলি কটাক্ষ কৰে মন্ত্ৰী অতুল বৰাই। অজিত ভূঞাক সুবিধাবাদী বুলি সমালোচনা কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে অসমৰ হকে কাম কৰা একমাত্ৰ আঞ্চলিকতাবাদী দলটোৱেই হৈছে অসম গণ পৰিষদ।

ক্ষমতাৰ লালসাত বিজেপিৰ ওচৰত শৰণাপন্ন হৈ অহা অসম গণ পৰিষদক শ্ৰেষ্ঠ আঞ্চলিকতাবাদী দল বুলি প্ৰতিপন্ন কৰিব বিচাৰি অতুল বৰাই কয় যে অজিত ভূঞাই বিধানসভা নিৰ্বাচনৰ পূৰ্বেও দল খুলিছিল। দম্ভালি মাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু পৰিণতি তেওঁৰ বাবে ভাল নহ’ল।

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অজিত ভূঞাই আন এটা ৰাজনৈতিক দল খুলিব বুলিও মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।