fbpx
অসম

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য! ১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ, মুখ্যমন্ত্ৰীৰ সংবাদমেল…

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

বিহুনাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ।

অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিভিন্ন জিলাৰ পৰা আহিব বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱা।

৭০ গৰাকী নাচনী, ৩০ জনকৈ ঢুলীয়াই অংশ ল’ব প্ৰতিবাৰত।

জিলাই জিলাই ১ মাৰ্চৰ পৰা মাহজোৰাকৈ চলিব প্ৰশিক্ষণ।

সোমবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ মাষ্টাৰ প্ৰশিক্ষণ।

পুৰস্কাৰ লাভ কৰা বিহুৱা-বিহুৱতীক দিয়া হ’ব অগ্ৰাধিকাৰ।

১ মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনাচ।

প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে জিলাত দৈনিক পাব ৩০০ টকাকৈ।

সাজ-পোছাকৰ বাবে লাভ কৰিব ৩ হাজাৰ টকাকৈ।

গুৱাহাটীত বিহুৱা-বিহুৱতীয়ে দৈনিক পাব ১ হাজাৰ টকাকৈ।

প্ৰতিগৰাকী শিল্পীৰ নামত ব্যয় হ’ব ১০,৫০০ টকাকৈ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!