fbpx
ৰাষ্ট্ৰীয়অসমীয়া

বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ীৰ

নিউজ ডেস্ক। ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।

সম্প্ৰীতিৰ এনাজৰীৰে বন্ধা ভাৰতীয় সমাজ ব্যৱস্থাক ৰাজনীতিক কু-অভিসন্ধিয়ে মষিমূৰ কৰিবলৈ বাৰে বাৰে চেষ্টা চলাই আহিছে।

হিন্দু-মুছলমান-খ্ৰীষ্টিয়ান-বৌদ্ধ বুলি সমাজখনক পৃথক পৃথক কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ ৰাজনীতি ভাৰতত আৰম্ভণি ঘটোৱা হৈছে।

হয়তো কোনো কোনো ক্ষেত্ৰত এই অভিসন্ধি পূৰণত সফলো হৈছে ৰাজনীতিবিদ। কিন্তু তাৰ মাজতে এনে কিছুমান ঘটনা পোহৰলৈ আহে, যিয়ে চিঙিব ধৰা সম্প্ৰীতিৰ এনাজৰীডাল পুনৰ মজবুত কৰি তোলে।

p1 21

বিহাৰৰ পূব চম্পাৰণৰ চাকিয়া-কেশৰিয়াৰ ওচৰৰ জানকীপুৰত বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি দান কৰি সম্প্ৰীতিৰ নজিৰ সৃষ্টি কৰিছে এগৰাকী মুছলমান ব্যৱসায়ীয়ে।

জানকীপুৰত ‘বিৰাট ৰামায়ণ মন্দিৰ’ নিৰ্মাণৰ বাবে প্ৰায় আঢ়ৈ কোটি টকা মূলৰ ২৩ কঠা ভূমি দান কৰে কাইথাৱালিয়াৰ নিৱাসী ইষ্টিয়াক আহমেদ খানে।

গৌৰৱৰ বিষয় যে ইষ্টিয়াক আহমেদ খান কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা।

p2 15

বিহাৰৰ সৈতে ওতঃপ্ৰতঃ সম্পৰ্ক থকা ব্যৱসায়ীগৰাকীয়ে নিজ ধৰ্মৰ সমানে বিশ্বাস কৰে হিন্দু ধৰ্মকো। সেয়ে হিন্দু মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ ভূমি দান কৰি অতিকৈ গৰ্বিত বুলি মন্তব্য কৰে।

যোৱা বুধবাৰে ইষ্টিয়াক আহমেদ খানে পৰিয়ালৰ সৈতে পূব চম্পাৰণ জিলাৰ কেশৰিয়া পঞ্জীয়ন কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মন্দিক নিৰ্মাণৰ বাবে দান কৰে তেওঁৰ ২৩ কঠা ভূমি।

ইয়াৰ পিছতে সোমবাৰে পাটনাৰ মহাবীৰ মন্দিৰত এখন সংবাদমেলত ইষ্টিয়াক আহমেদ খানে এই বিষয়ে সদৰী কৰি কয়, “আমি দেখিছিলো যে ভূমিৰ বাবে বিৰাট ৰামায়ণ মন্দিৰৰ কাম বন্ধ কৰা হৈছে, সেয়েহে আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি বিনামূলীয়াকৈ মাটি দিম আৰু আমি এই প্ৰতিশ্ৰুতি পূৰণ কৰিছো।’’ একে সময়তে, তেওঁ কয় যে তেওঁ ৰাজনীতিৰ সৈতে জড়িত নহয়। সেয়েহে হিন্দু-মুছলমান বুলি সংঘাতৰ সৃষ্টি কৰাটো অনৰ্থক।

p1 22

মহাবীৰ মন্দিৰ ন্যাসৰ সম্পাদক আচাৰ্য কিশোৰ কুনালে কয় যে ইয়াৰ পূৰ্বেও ইষ্টিয়াক আহমেদ খানৰ পৰিয়ালে বিৰাট ৰামায়ণ মন্দিৰ নিৰ্মাণৰ বাবে ভূমি লাভ কৰাত যথেষ্ট সহযোগিতা আগবঢ়ায়। মহাবীৰ মন্দিৰৰ এই অতি গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ বাবে খান পৰিয়ালেও কাইথাৱালিয়াত মাটি দান কৰে।

খান পৰিয়ালে প্ৰথমে মন্দিৰ নিৰ্মাণৰ বাবে মূল পথত তেওঁৰ মূল্যৱান মাটি সুলভ হাৰত নিৰ্মাণ কমিটীক প্ৰদান কৰে। তাৰ পিছত, গাওঁখনৰ আন লোকসকলেও ইষ্টিয়াক আহমেদ খানৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজসাহায্য প্ৰাপ্ত হাৰত মন্দিৰ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিবলৈ আৰম্ভ কৰে।।

আচাৰ্য কিশোৰ কুনালে জানিবলৈ দিয়া মতে, এতিয়ালৈকে বিৰাট ৰামায়ণ মন্দিৰৰ বাবে ১০০ একৰ ভূমি গ্ৰহণ কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে আৰু ২৫ একৰ মাটি প্ৰয়োজন হব। কিন্তু সেয়াও গাঁওবাসীয়ে প্ৰদান কৰিব বুলি মন্তব্য কৰে মহাবীৰ মন্দিৰ ন্যাসৰ সম্পাদক গৰাকীয়ে। উল্লেখ্য যে, মুঠ ১২৫ একৰ ভূমি সামৰি বিশ্বৰ বৃহত্তম মন্দিৰটো নিৰ্মাণৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে।

বৈশালীৰ পৰা 60 কিলোমিটাৰ আৰু পাটনাৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত নিৰ্মীয়মাণ এই বিশাল মন্দিৰটো দেশৰ লগতে সমগ্ৰ বিশ্বৰ ভিতৰতে বিশাল মন্দিৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱা হৈছে। মন্দিৰটো নিৰ্মাণৰ কাম হাতত লোৱা মহাবীৰ মন্দিৰৰ সম্পাদক আচাৰ্য কিশোৰ কুনালে কয় যে এই মন্দিৰটোৰ বিশেষত্ব হ’ব ইয়াৰ উচ্চতা। মন্দিৰটো ২৭০ ফুট ওখ, ১০৮০ ফুট দীঘল আৰু ৫৪০ ফুট বহল হব।

উল্লেখ্য যে, বিশাল মন্দিৰটো নিৰ্মাণৰ প্ৰথম পৰিকল্পনা প্ৰস্তুত কৰা আচাৰ্য কিশোৰ কুনাল হৈছে এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া। মহাবীৰ কৰ্কট প্ৰতিষ্ঠান আৰু মহাবীৰ আৰোগ্য সংস্থানৰো প্ৰতিষ্ঠাপক।

আচাৰ্য কুশোৰ কুনালে জানিবলৈ দিয়া মতে, এই বিশাল মন্দিৰটোক ‘টেম্পল অৱ টাৱাৰছ’ বুলিও জনা যাব। ইয়াৰ চাৰিওফালে, ১৩ টা মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু সকলোবোৰ উচ্চ শৃংগ থকা মন্দিৰ। কাষৰ চাৰিটা মন্দিৰ ১৮০ ফুট ওখ।

একে সময়তে, মন্দিৰটোত এটা বিশাল শিৱলিংগ স্থাপন কৰা হৈছে, যিটো ৩৩ ফুট ওখ। মন্দিৰত ভক্তৰ বাবে ৩টা চিৰি আৰু ৪টা লিফ্ট স্থাপন কৰা হব। শিলৰ অভাৱৰ বাবে সমগ্ৰ মন্দিৰ প্ৰকল্পটো কংক্ৰিটেৰে নিৰ্মাণ কৰা হব। কংক্ৰিটৰ সৈতে টাফাণ্ড গ্লাছও ব্যৱহাৰ কৰা হ’ব।

উল্লেখ্য যে, মাৰ্চৰ শেষৰ পৰা এই মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হব আৰু অহা ৫ বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলাৰ পৰিকল্পনা হাতত লৈছে মহাবীৰ মন্দিৰ ন্যাসে। সদ্যহতে ন্যাসৰ ওচৰত মজুত থকা ধনেৰে মন্দিৰৰ নিৰ্মাণকাৰ্য চলাই থকা হব যদিও পৰৱৰ্তী সময়ত প্ৰয়োজন হ’লে বিহাৰৰ জনসাধাৰণৰ পৰা সহায় বিচৰা হ’ব বুলিও মন্তব্য কৰে আচাৰ্য কিশোৰ কুনালে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!