বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত গৌতম আদানি, প্ৰথম আৰু দ্বিতীয়ত কোন..?

বিশ্বৰ তৃতীয় ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে গৌতম আদানি।

আদানিছ গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানিয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ লুই ভিট্টনৰ প্ৰধান বাৰ্ণাৰ্ড আৰ্নাল্টক অতিক্ৰম কৰিবলৈ সক্ষম হয়।

ব্লুমবাৰ্গ বিলিয়নেয়াৰৰ শেহতীয়া তথ্য অনুসৰি গৌতম আদানি এতিয়া বিশ্বৰ তৃতীয় ধনী ব্যক্তি।

এতিয়াৰ আদামীৰ আগত কেৱল দুগৰাকী ব্যক্তি। জেফ বেজ’ছ আৰু এল’ন মাস্ক।

আদানিয়ে ১৩৭.৪ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে ৬০ বছৰীয়া ব্যৱসায়িক টাইকুনে ইলন মাস্ক আৰু জেফ বেজোছক আকাংক্ষিত তালিকাত অন্তৰ্ভুক্ত কৰে।

এই তালিকাত শীৰ্ষত টেলছাৰ মুৰব্বী এল’ন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৫১ বিলিয়ন ডলাৰ, আমাজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া – জেফ বেজ’ছ ৰ মুঠ সম্পত্তি ১৫৩ বিলিয়ন ডলাৰ।

উল্লেখ্য যে, এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে বিশ্বৰ শীৰ্ষ তিনিগৰাকী ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে আদানীনে।

ইয়াৰ পূৰ্বে ভাৰতৰ মুকেশ আম্বানী নাইবা চীনৰ- আলিবাবা গোটৰ মালিক জেক মা এই উচ্চতাত উপনীত হোৱা নাছিল।