বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

শেহতীয়াকৈ গ্লোবেল লীডাৰ এপ্ৰুভেল ট্ৰেকাৰ( Global Leader Approval Tracker)-এ বিশ্বৰ নেতাসকলৰ মাজত কোন কিমান জনপ্ৰিয় তাক লৈ এক সমীক্ষা চলাইছিল।

জনপ্ৰিয় নেতা সকলৰ এই তালিকা বিশ্বৰ ১৩ খন দেশৰ ভিতৰত কৰা হৈছিল।

এই সমীক্ষাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষ স্থান অধিকাৰ কৰে।

দেশকেইখন হৈছে – ভাৰত, অষ্ট্ৰেলিয়া, ব্ৰাজিল, আমেৰিকা, ব্ৰিটেইন, জাপান, ইটালী, মেক্সিকো, স্পেইন, জাৰ্মানী, ফ্ৰান্স আৰু কানাডা।

মুঠ ৭০ শতাংশ ৰেটিঙেৰে বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত মোদীৰ নাম সন্নিবিষ্ট হয়।

দ্বিতীয় স্থান লাভ কৰে মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্দ্ৰীছ মেনুৱেল ল’পেজে। তেওঁ লাভ কৰে ৬৬ শতাংশ ৰেটিং।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৪৪ শতাংশ ৰেটিঙেৰে থাকে ষষ্ঠ স্থানত।

জনপ্ৰিয়তাৰে মহা শক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিকো চেৰ পেলালে প্ৰধানমন্ত্ৰী মোদীয়ে।

Leave a Comment