বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰী-ছাত্ৰীঃ মুখ্যমন্ত্ৰী…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।
ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেইবাগৰাকীও ছাত্ৰক বহিষ্কাৰ কৰি আইনগত ব্যৱস্থা হতত লৈছে।
ৰেগিং সন্দৰ্ভত পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰেগিং সন্দৰ্ভত আইন প্ৰণয়ন কৰা হ’ব নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰেগিং বন্ধ কৰিবলৈ আইন প্ৰণয়ন কৰিব নালাগে। ইয়াৰ বাবে তিনিটামান কাম কৰিলেই ৰেগিং সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব।
মুখ্যমন্ত্ৰী শৰ্মাই কয়-‘প্ৰথম বিশ্ববিদ্যালয় চৌহদৰ পৰা প্ৰাক্তন ছাত্ৰসকলক বিদায় দিব লাগিব। বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰী-ছাত্ৰী। এই সন্দৰ্ভত শীঘ্ৰেই চৰকাৰে অভিযান এটা চলাব।
আৰক্ষী, বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰশাসন সমূহে একেলগে কাম কৰিলে ৰেগিং একেবাৰে নোহোৱা হ’ব। ৰেগিং আমি কঠোৰ হাতেৰে দমন কৰিম- মুখ্যমন্ত্ৰী।