অৰুণাচল প্ৰদেশঅসমীয়া

বিশ্ববিদ্যালয়ৰ চৌহদত চাঞ্চল্যকৰ ঘটনা, সতীৰ্থৰ একে-৪৭ ৰাইফলৰ গুলীত প্ৰাণ গ’ল IRBn জােৱানৰ

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ ঘটনা।

সতীৰ্থ জােৱানৰ একে-৪৭ ৰাইফলৰ গুলীত প্ৰাণ গ’ল সহকৰ্মী IRBn জােৱানৰ।

এই ঘটনাৰ স্থান প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ দৈমুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় চৌহদ।

G7

জানিব পৰা মতে, শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।

বিশ্ববিদ্যালয়খনৰ চৌহদত কৰ্মৰত এজন ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান (আইআৰবিএন) নিৰাপত্তা ৰক্ষীয়ে তেওঁৰ এ কে-৪৭ ৰাইফলৰ পৰা গুলী চালনা কৰাৰ ফলত এজন সতীৰ্থ জােৱানৰ মৃত্যু ঘটে।

ঘটনা সংক্ৰান্তত দৈমুখ আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০.৪২ বজাত আইআৰবিএনৰ ২ য় বেলেটেলিয়ান হেড কনিষ্টবল ৱাংগৰু টাইডং নামৰ জােৱানজনে নিজৰ একে-৪৭ ৰাইফলেৰে সতীৰ্থ জােৱান চিঙৰি মামাইলৈ দুটা ৰাউণ্ড গুলী চালনা কৰে।

সংকটজনক অৱস্থাত জােৱানজনক নাহৰলগুন স্থিত TRIHMS হাস্পতালৈ নিয়া হয় যদিও জােৱানজনৰ মৃত্যু ঘটে।

ঘটনা সংক্ৰান্তত অভিযুক্ত জােৱানজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ

G4 4

Related Articles

Back to top button