fbpx
অসমীয়াঅসম

বিশ্বজয়ৰ পিছত স্বগৃহলৈ লাভলীনা! ক’লে- অসমবাসীয়ে মোক নিজৰ সন্তানৰ দৰে ভাৱে বাবেই মই হাৰিলে খং কৰে…

নিউজ ডেস্কঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণিল ইতিহাস ৰচনাৰ পিছত স্বগৃহলৈ উভতিল অসম কন্যা লাভলীনা বৰগোঁহাই।

বৃহস্পতিবাৰে অসমৰ বক্সাৰগৰাকী বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক উষ্ম আদৰণি জনায় অসম বক্সিং সন্থাৰ লগতে অসংখ্য গুণমুগ্ধই।

ইফালে অসমত উপস্থিত হৈয়ে পিতৃ-মাতৃৰ সৈতে পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে লাভলীনা বৰগোঁহাইয়ে।

দেৱী কামাখ্যাৰ আশীষ গ্ৰহণৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁৰ এই সফলতাৰ কৃতিত্ব প্ৰদান কৰে পিতৃ-মাতৃৰ লগতে অসমবাসী ৰাইজক।

সকলোৰে আশীৰ্বাদৰ বাবেই আজি তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে লাভলীনাই।

তেওঁ লগতে কয় যে অসমৰ ৰাইজে তেওঁক নিজৰ সন্তানৰ দৰে ভাৱে বাবেই যেতিয়া তেওঁ হাৰে তেতিয়া তেওঁক খং কৰে।

খেলত জয় পৰাজয় থাকেই বুলি মন্তব্য কৰি লাভলীনাই কয় যে তেওঁৰ বৰ্তমান লক্ষ্য এছিয়ান গেমছত পদক অৰ্জন কৰা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!