বিশ্বই দেখিব ক’ভিডৰ অধিক বিপদজনক ৰূপ! সতৰ্কবাণী বিল গেটছৰ

নিউজ ডেস্ক। বৰ্তমান বিশ্বৰ বিভিন্ন অংশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও চীন, দক্ষিণ কোৰিয়াৰ দৰে দেশত ক’ভিডৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে।

ভাৰতবৰ্ষতো ইয়াৰ দৈনিক সংক্ৰমণ নিম্নগামী হৈ গৈ আছে।

ক’ভিডে সঁচাকৈয়ে সম্পূৰ্ণ ৰূপে বিদায় ল’ব বুলি সকলােৱে আশা কৰি থকা সময়তে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ মুখত শুনা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত কথাহে।

বিল গেটছে আশংকা কৰা মতে অনাগত দিনত পৃথিৱীবাসী ক’ভিডৰ অধিক বিপজ্জনক ৰূপৰহে সন্মুখীন হ’ব। যি ডেল্টা বা অমাইক্ৰনতকৈ অধিক ভয়ংকৰ হ’ব পাৰে। তেওঁ সকলোকে এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ পৰামৰ্শ দিছে।

G03
বিশ্বই দেখিব ক’ভিডৰ অধিক বিপদজনক ৰূপ! সতৰ্কবাণী বিল গেটছৰ 3

বিল গেটছৰ শেহতীয়াকৈ প্ৰকাশিত এটা সাক্ষাৎকাৰত এই আশংকা ব‍্যক্ত কৰা হৈছে।

তেওঁ কয়, “আমি এতিয়ালৈকে ক’ভিডৰ ভয়ানক ৰূপ দেখাই নাই। আমি এতিয়াও বিপদাশংকাতে আছোঁ। মই ভাবো পৃথিৱীখনে এনে ধৰণৰ ক’ভিডৰ প্ৰকাৰৰ সাক্ষী হ’ব যিবোৰ অধিক সংক্ৰামক আৰু ডেল্টা বা অমাইক্ৰনতকৈ অধিক মাৰাত্মক হ’ব।“

বিলে আন্তৰ্জাতিক বিশেষজ্ঞসকলক কোভিড প্ৰতিৰোধ কৰিবলৈ যুটীয়াভাৱে কাম কৰিবলৈকো পৰামৰ্শ দিয়ে।

G02 1
বিশ্বই দেখিব ক’ভিডৰ অধিক বিপদজনক ৰূপ! সতৰ্কবাণী বিল গেটছৰ 4

“আমি বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এই বিষয়ত অধিক বিনিয়োগ কৰিব লাগিব যাতে আগতীয়াকৈ পদক্ষেপ ল’ব পাৰি।“ বুলিও বিলে উল্লেখ কৰে ।

উল্লেখ‍্য যে বিল গেটছে যোৱা কেইবা বছৰ ধৰি মহামাৰীৰ বিষয়ে সতৰ্ক কৰি আহিছে।

আনকি ২০১৫ চনতো ক’ভিডৰ বহু আগতেই অনাগত দিনত এটা ভয়ংকৰ ভাইৰাছৰ উপস্থিতিৰ কথা বিলে ভৱিষ্যতবাণী কৰিছিল।

তেওঁ বিষয়টোৰ ওপৰত “How to prevent the next pandemic “ নামৰ এখন কিতাপো লিখি উলিয়াইছে।

Leave a Comment