
নিউজ ডেস্কঃ অক্টোবৰ মাহৰ পৰা দেশত আৰম্ভ হ’ব ৫জি ইণ্টাৰনেট সেৱা। ৫জি স্পেকট্ৰামৰ বাবে সৰ্বাধিক নিবিদা লাভ কৰি এই ইংগিত দিলে দেশৰ সবাতোকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীয়ে।
কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰা মতে, মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েঞ্চ জিঅ’ই ৫জি স্পেকট্ৰামৰ বাবে লাভ কৰিছে ৮৮,০৭৮ কোটি টকাৰ নিবিদা।
কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিত সদৰী কৰা মতে, যোৱা ২৬ জুলাইৰ পৰা ৫জি স্পেকট্ৰামৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু মুঠ ১০ টা বেণ্ডত ৭২,০৯৮ মেগাহাৰ্জ স্পেকট্ৰাম নিলাম কৰা হয়। ইয়াৰ ভিতৰত ৭১% ইতিমধ্যে বিক্ৰী কৰা হৈছে।
টেলিকম মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে, নিলামৰ প্ৰথম দিনাই ১.৪৫ লাখ কোটি টকা স্পেকট্ৰাম নিলাম কৰা হৈছিল। সোমবাৰে ৪০ ৰাউণ্ডৰ নিলামৰ পিছত স্পেকট্ৰাম আৱণ্টনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। কেন্দ্ৰই লগতে জনোৱা মতে, এই নিলামত ১.৫ লাখ কোটি টকাৰ স্পেকট্ৰাম বিক্ৰী কৰা হৈছে।

ইয়াৰ ভিতৰত, ৰিলায়েন্সে বিভিন্ন বেণ্ডত ৭০০ মেগাহাৰ্জ স্পেকট্ৰাম ক্ৰয় কৰিছে। প্ৰণিধানযোগ্য যে, এই স্পেকট্ৰামৰ সহায়ত ৬-১০ কিলোমিটাৰ পৰ্যন্ত সংকেত লাভ কৰিব পাৰি।
ৰিলায়েঞ্চ জিঅ’ৰ উপৰিও, ভাৰতী এয়াৰটেলে ৪৩,০৮৪ কোটি টকাৰ স্পেকট্ৰাম ক্ৰয় কৰিছে। ভোডাফোনে ক্ৰয় কৰিছে ১৮,৭৮৪ কোটি টকাৰ স্পেকট্ৰাম।
কেন্দ্ৰীয় চৰকাৰ টেলিকম মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, এই ৫জি স্পেকট্ৰাম আৱণ্টনৰ পিছত প্ৰথম বছৰত ১৩,৩৬৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব চৰকাৰে। অন্যহাতে অক্টোবৰত সমগ্ৰ দেশতে ৫জি সেৱা আৰম্ভ কৰা হ’ব।