বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ প্ৰফুল্ল মহন্তৰ দেহাৱসান

নিউজ ডেস্ক। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ প্রফুল্ল মহন্তৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ডঃ মহন্ত।

বিগত দুসপ্তাহে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

জানিব পৰা মতে, তেওঁ মৰণোত্তৰভাৱে দেহ দান কৰি গৈছে।

p1
বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ প্ৰফুল্ল মহন্তৰ দেহাৱসান 3

চিকিৎসাধীন অৱস্থাত পুৱতি নিশা ২.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

উল্লেখ্য যে ১৯৯৪ চনলৈ লৈ মৰিয়নি কলেজত শিক্ষকতা কৰি সেই বছৰতে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাত যোগদান কৰাৰ পিছত ২০০৫ চনত সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰে।

অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱকস্বৰূপ ডঃ মহন্তৰ জন্ম হৈছিল ১৯৪১ চনৰ নগাঁৱৰ জাজৰিত।

image 8
বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ প্ৰফুল্ল মহন্তৰ দেহাৱসান 4

ডঃ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’।

জনগোষ্ঠীয় চেতনা, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, বড়ো ভূমিৰ উচুপনি আদি তেওঁৰ অন্যতম উল্লেখযোগ্য গ্ৰন্থ। 

বিশিষ্ট চিন্তাবিদ, লেখকগৰাকীৰ মৃত্যুত সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে।