বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা…

‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা।

বৃহস্পতিবাৰে এই ঘোষণা কৰে সাহিত্য অকাডেমীয়ে।

তেখেত এগৰাকী সুপ্ৰতিষ্ঠিত লেখিকা হোৱাৰ লগতে এগৰাকী সাংবাদিকো।

চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰিছিল।

তাৰোপৰি সেই একেটা বৰ্ষতে একেখন কিতাপৰ বাবেই অসম সাহিত্য সভাই তেখেতক শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও ২০১৩ বৰ্ষত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।

ইতিপূৰ্বে বিগত প্ৰায় ১০ বছৰ কাল তেওঁৰ কেইবাখনো জনপ্ৰিয় গ্ৰন্থই সাহিত্য অকাডেমীৰ সন্মানৰ বাবে বাচনি তালিকাত স্থান পাইছিল যদিও চূড়ান্ত বাচনিত সেই নাম বাদ পৰাৰ বাবে তেওঁৰ গুণগ্ৰাহী পাঠকসকল বাৰে বাৰে ব্যথিত হৈছিল।

ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখনৰ মূল বিষয় বস্তু অৰণ্য আৰু বন্যপ্ৰাণীৰ ধ্বংস যজ্ঞই কিদৰে সামগ্ৰীক ভাৱে জীৱ জগতক ভাৰাসাম্যহীন কৰি তুলিছে আৰু ইয়াৰ কু-ফল মানুহে কিদৰে ভোগ কৰিব লগা হৈছে তাৰ বাস্তুৱ সন্মত বাস্তুৱ সন্মত আৰু মৰ্মস্পৰ্শী বিৱৰণ তুলি ধৰা হৈছিল।

বৰ্তমানলৈ বহুকেইখন গল্প সংকলন, উপন্যাস আৰু আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন লিখি উলিয়াইছে শৰ্মাই।

উপন্যাস-
হৃদয় এক বিজ্ঞাপন
এজন ঈশ্বৰৰ সন্ধানত
কাঞ্চন
চাহেবপুৰাৰ বৰষুণ
ব’ৰাগী নদীৰ ঘাট
নাহৰৰ নিৰিবিলি ছাঁ
ৰাগ-অনুৰাগ
মেৰেং[8]
সোণ হৰিণৰ চেঁকুৰ
নীল প্ৰজাপতি
ইয়াত এখন অৰণ্য আছিল

গল্প সংকলন-
বসন্তৰ গান
এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া
ন’ মেনছ লেণ্ড

আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন-
কলিকতাৰ চিঠি
ডায়েৰি
অট’গ্ৰাফ
আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু

Leave a Comment