বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ লীলাকান্ত মহন্ত আৰু নাই…

বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা বৰখাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্ত আৰু নাই।
৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সত্ৰাধিকাৰগৰাকীৰ।
ৱসাগৰৰ শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল মহন্ত।
অসম সত্ৰ মহাসভাৰ দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন সভাপতি আছিল মহন্ত।
দুটাকৈ কাৰ্যকালৰ বাবে সম্পাদকো আছিল সত্ৰাধিকাৰগৰাকী।
অসমীয়া আৰু ইংৰাজীত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল মহন্তই।
উল্লেখ্য যে, বিশিষ্ট বৈষ্ণৱ পণ্ডিত গৰাকী বিগত কিছু দিনৰ পৰাই অসুস্থ অৱস্থাত আছিল যাৰ বাবে ৩১ জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হৈছিল।
মহাপুৰুষীয়া সাহিত্যৰ এজন উচ্চ স্তৰীয় সাধক লীলাকান্ত মহন্তই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল।
তাৰ ভিতৰত মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ, ব্ৰহ্মপ্ৰাণৰ কাহিনী, বাসুদেৱ মূৰ্তিৰ আলৌকিক আৱিৰ্ভাৱ, নামঘোষা মাধুৰ্য্য আদি অন্যতম।
গুৰুজনাৰ আৰ্হিত তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য অংকীয়া নাট হ’ল সুৰুচি দৰ্পচূৰ্ণ, ধ্ৰুৱৰ স্বৰ্গাৰোহণ, উষা-অনিৰুদ্ধ, ইন্দ্ৰদূম্ন্য উপাখ্যান, হৰিচন্দ্ৰৰ উপাখ্যান, সুন্দৰাকাণ্ড অন্যতম। ওহি বালেকৰ কেলি, প্ৰচণ্ড পৌন্ড্ৰক তেওঁ ৰচনা কৰা শিশু নাট।
ভাওনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ আছে বিশেষ অৰিহণা।