অসম

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান…

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান।

নতুন দিল্লীৰ এপল’ হাস্পতালত মৃত্যু তাঁতিৰ।

বৃহস্পতিবাৰে নিশা ১:০৫ বজাত নতুন দিল্লীত দেহাৱসান তাঁতিৰ।

মৃত্যুৰ সময়ত কবিৰ বয়স ৬৯ বছৰ।

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল কবিগৰাকী।

১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগানত এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কবি গৰাকীয়ে।

২০১৮ চনত তেওঁৰ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্য সংকলন খনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

উল্লেখ্য যে, ২০১৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত কবি, সমালোচক গৰাকীয়ে কথাশিল্পৰ জড়িয়তে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

সনন্ত তাঁতিৰ গ্ৰন্থ সমূহ হৈছে-

উজ্জ্বল নক্ষত্ৰৰ সন্ধানত ( কবিতা পুথি, ট্ৰেণ্ড, গুৱাহাটী, জানুৱাৰী ১৯৮১),
মই মানুহৰ অমল উৎসৱ ( কবিতা পুথি, এল বি এছ পাব্লিকেশ্যন, গুৱাহাটী, নৱেম্বৰ ১৯৮৫),
নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, আগষ্ট ১৯৯০),
শব্দত অথবা শব্দহীনতাত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৩),
মৃত্যুৰ আগৰ ষ্টপেজত ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬),
টোপনিতো কেতিয়াবা বাৰিষা আহে (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৭),
ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯),
দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প’ৰিয়াম, নলবাৰী, ২০০২),
আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪),
মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮),
মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০),
কাইলৈৰ দিনটো আমাৰ হ’ব (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩),
মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭),
‘Selected Poems Sananta Tanty’ (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)
কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button