বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান…

বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান।

যোৱা নিশা ১১.৪৫ বজাত শোষ নিশ্বাস ত্যাগ কৰে আলোকচিত্ৰ শিল্পীগৰাকীয়ে।

নগাঁৱৰ প্ৰবীণ ফটোগ্ৰাফাৰ তথা নগাঁও ফটোগ্ৰাফাৰ এচ’ছিয়েচনৰ সভাপতি আছিল অসীম কুণ্ডু।

বৃহস্পতিবাৰে নিশা নগাঁও চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীয়ে।

দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।

‘বিস্ময়’ আলোচনীৰ বাবে এটা সময়ত সমগ্ৰ অসমৰে এগৰাকী বিখ্যাত ফটোগ্ৰাফাৰ হৈ পৰিছিল কুণ্ডু।

ছবি নিৰ্মাতা অৰূপ মান্নাৰ সকলো ছবিৰেই স্থিৰ চিত্ৰ গ্ৰহণকাৰী আছিল জ্যেষ্ঠ ফটোগ্ৰাফাৰগৰাকী।

অসীম কুণ্ডুৰ বিয়োগত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।