বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।
বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত গুৱাহাটীস্থিত নেমকেয়াৰ হস্পাতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।
বলিষ্ঠ অভিনেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
অসমীয়াতে টুইট কৰি নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মোডীয়ে।
অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ অগ্ৰণী অৱদান আগবঢ়োৱা শ্ৰী নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ বৈচিত্ৰময় কৰ্মৰাজিক চলচ্চিত্ৰপ্ৰেমীয়ে স্মৰণ কৰিব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi
— PMO India (@PMOIndia) October 27, 2022
উল্লেখ্য যে, অভিনেতা গৰাকীৰ দেহাৱসানৰ সৈতেই অৱসান ঘটে অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায়ৰ।
১৯৫৭ চনতেই শিশু শিল্পীৰূপে চলচিত্ৰ জগতত প্ৰৱেশ কৰা অভিনেতা গৰাকীয়ে কায়িকভাৱে এই ধৰা ত্যাগ কৰাৰ সৈতেই অৱসান ঘটিল এটা সোণালী যাত্ৰাৰ।