বিশাল চৌধুৰীক ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগ, আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ…

গুৱাহাটীৰ ৰেভ পাৰ্টীৰ মূল অভি়যুক্ত বিশাল চৌধুৰীক আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগ।

পৰিয়ালৰ লোকে বিশাল চৌধুৰীক ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগেৰে বিশালৰ পিতৃয়ে জিলা দণ্ডাধীশৰ আদালতৰ লগতে সত্ৰ ন্যায়াধীশৰ আদালতটো তৰিছে গোচৰ।

উল্লেখ্য যে, নুনমাটিত আৰক্ষীৰ গুলীত আহত হৈছিল কোকেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰী। 

ভৰিত গুলী লগাৰ ফলত বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে বিশাল। 

সোমবাৰে বিশালৰ পৰিয়ালৰ আবেদনৰ শুনানি হ’ব।

বিশালৰ পিতৃৰ দাবী- আরক্ষীয়ে বিশালক ভুৱা এনকাউণ্টাৰ কৰিছে। হাতত হেণ্ডকাফ লাগি থকাৰ পিছত কেনেদৰে পলাল বিশাল?

আনহাতে, গুৱাহাটীৰ ৰেভ পাৰ্টীৰ ৭ অভিযুক্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৫জনৰ জামিন আবেদন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে। ১২ অভিযুক্তই কৰিছিল আবেদন।

এই গোচৰৰ মুঠ অভিযুক্ত ১৯জন। বৰ্তমান ১২জন অভিযুক্ত কাৰাগাৰত বন্দী হৈ আছে।

Leave a Comment