বিল গেটছে কিয় আই ফোনৰ পৰিৱৰ্তে এণ্ড্ৰইড ফোনক প্ৰাধান্য দিয়ে?

বিল গেটছে কিয় আই ফোনৰ পৰিৱৰ্তে এণ্ড্ৰইড ফোনক প্ৰাধান্য দিয়ে?

February 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিশ্বৰ শীৰ্ষ ধনৱান ব্যক্তি তথা মাইক্ৰচফ্টৰ সহ-প্ৰতিস্থাপক বিল গেটছে অলপতে এক সাক্ষাৎকাৰত তেওঁ কিয় আই ফোনৰ পৰিৱৰ্তে এণ্ড্ৰইড ফোনক প্ৰাধান্য দিয়ে সেই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে।

সামাজিক মাধ্যম ক্লাব হাউছৰ এক অনুষ্ঠানত তেওঁ মন্তব্য কৰি কয় যে বিশ্বত প্ৰায় এক বিলিয়ন (১০০ কোটি) আইফোন ব্যৱহাৰ কাৰী আছে। যি সমূহ বিশ্বৰ উল্লেখনীয় ব্যক্তি। সেই সমূহৰ ভিতৰত তেওঁ নাই। তাৰ পৰিৱৰ্তে তেওঁ এণ্ড্ৰইড ফোনহে ব্যৱহাৰ কৰে বুলি জনায়।

তেওঁ এণ্ড্ৰইড ফোনক প্ৰাধান্য দিয়াৰ সন্দৰ্ভত কয় যে, ‘মই সাধাৰণতে এণ্ড্ৰইড ফোনহে ব্যৱহাৰ কৰো। কাৰণ মই সকলোৰে লগত একে পৰ্যায়ত থাকিব বিচাৰো। মই প্ৰায় আই ফোনত কাম কৰো। তথাপিও মই মোৰ লগত এটা এণ্ড্ৰইড ফোন ৰাখোৱেই। কাৰণ বহুতো এণ্ড্ৰইড ফোনত Pre Install মাইক্ৰচফ্ট ছফ্টৱেৰ থাকে। যিয়ে মোক কাম কৰাত অতি সহজ কৰি তোলে। এণ্ড্ৰইড ফোনসমূহ অতি নমনীয় হোৱাৰ বাবে ই অপাৰেটিং চিষ্টেমত সহজেই কাৰ্য সম্পাদন কৰিব পাৰে। ইয়াৰোপৰি মাইক্ৰচফ্ট এপছ সমূহ এপ ষ্ট’ৰত বিনামূলীয়াকৈ উপলব্ধ হোৱাৰ বাবে ব্যৱহাৰকাৰীয়ে সহজেই লাভ কৰিব পাৰে।’