বিলাসী মাৰ্চিডিজ লৈ দৰিদ্ৰৰ বাবে আবন্টিত সুলভ মূল্যৰ ৰেচন নিবলৈ আহিল এজন ব্যক্তি, তাৰ পিছত…

নিউজ ডেস্কঃ বিলাসী বাহন লৈ এগৰাকী ব্যক্তিয়ে সুলভ মূল্যৰ দোকানলৈ চৰকাৰে যোগান ধৰা সস্তীয়া ৰেচন নিবলৈ অহাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে প্ৰশাসনকো প্ৰশ্নৰে থকাসৰকা কৰিছে সাধাৰণ ৰাইজে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো পঞ্জাৱৰ হোছিয়াৰপুৰৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত দেখা পোৱা মতে, এজন ব্যক্তিয়ে বিলাসী মাৰ্চিজিজ বাহনত আহি সুলভ মূল্যৰ দোকানত নামে। তাৰ পিছত ব্যক্তিজনে সুলভ মূল্যৰ দোকানৰ পৰা ৪ বেগ সস্তীয়া ৰেচন লৈ মাৰ্চিডিজৰ ভিতৰত ৰাখি তাৰ পৰা আঁতৰি যায়। বাতৰি অনুসৰি, ব্যক্তিজনে চলাই অহা মাৰ্চিডিজ খনৰ নম্বৰটোও ভিআইপি।

rich poor
বিলাসী মাৰ্চিডিজ লৈ দৰিদ্ৰৰ বাবে আবন্টিত সুলভ মূল্যৰ ৰেচন নিবলৈ আহিল এজন ব্যক্তি, তাৰ পিছত… 3

এই সমগ্ৰ ঘটনা উপস্থিত কোনোৱে মোবাইল কেমেৰাত আৱদ্ধ কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰে। বিলাসী বাহন চলাই অহা এজন ব্যক্তিয়ে কিদৰে চৰকাৰে যোগান ধৰা সস্তীয়া ৰেচন লাভ কৰিবলৈ সক্ষম হ’ল বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

photo1662474493
বিলাসী মাৰ্চিডিজ লৈ দৰিদ্ৰৰ বাবে আবন্টিত সুলভ মূল্যৰ ৰেচন নিবলৈ আহিল এজন ব্যক্তি, তাৰ পিছত… 4

ইয়াৰ পিছতে সুলভ মূল্যৰ দোকানখনৰ স্বত্বাধিকাৰী অমিত কুমাৰে কয় যে ৰেচন কাৰ্ডসমূহ চৰকাৰ আৰু বিভাগৰ দ্বাৰা বনোৱা হয়। ইয়াত সুলভ মূল্যৰ দোকানীৰ কোনো ভূমিকা নাথাকে।

তেওঁ আৰু কয় যে চৰকাৰে আমাক স্পষ্টভাৱে নিৰ্দেশ দিছে যে যাৰ দুখীয়া কাৰ্ড আছে, তেওঁ দুখীয়া হওক বা নহওক ৰেচন দিব লাগিব। তেওঁলোকৰ কাৰ্ড কেনেকৈ বনোৱা হৈছিল সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই।

একে সময়তে ভাইৰেল ভিডিঅ’টোত মাৰ্চিডিজ গাড়ীৰ পৰা ৰেচন ল’বলৈ অহা এইজন ব্যক্তিৰ নাম সুমিত ছাইনী বুলি জানিব পৰা গৈছে। মাৰ্চিডিজ গাড়ীত ৰেচন বেগ কঢ়িয়াই নিয়া সুমিত ছাইনীয়ে এই বিষয়ে কয় যে ভিডিঅ’টোত দেখা পোৱা গাড়ীখন তেওঁৰ কোনো আত্মীয়ৰ। বৰ্তমান আত্মীয়জন বিদেশত থকাৰ পৰিপ্ৰেক্ষিতত বাহনখন তেওঁৰ ওচৰত এৰি থৈ গৈছে।

সুমিতে কয়, ‘এইখন ডিজেল বাহন, সেয়ে মাজে মাজে ষ্টাৰ্ট কৰিব লাগিব। ইয়াৰ পিছত কিছু দূৰলৈ গাড়ী চলাই আনিব লাগে।’

সুমিত ছাইনীয়ে স্পষ্টীকৰণ দি মন্তব্য কৰা মতে, তেওঁ গাড়ীখন চলাই আহি থকাৰ সময়ত সুলভ মূল্যৰ দোকানৰ সন্মুখত তেওঁৰ সন্তানে ৰেচনৰ বাবে অপেক্ষা কৰা দেখিবলৈ পায়। তাৰ পিছত তেওঁ গাড়ীৰ পৰা নামি আহি ৰেচনৰ বেগ কেইটা গাড়ীত তুলি নিয়ে।

সুমিতে কয় যে তেওঁ এজন ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁৰ সন্তানেও চৰকাৰী বিদ্যালয়ত পঢ়ে। তেওঁ কয়, ‘আমি মাৰ্চিডিজ গাড়ী ল’ব পৰা অৱস্থাত নাই, কোনোবাই প্ৰেংক কৰি এই ভিডিঅ’টো ৰেকৰ্ড কৰিছে আৰু তাৰ পিছত ভাইৰেল কৰিছে।’