বিলাসী ভিভিআইপি গাড়ী এৰি প্ৰিয় বাইকখনত উঠি ঘূৰি ফুৰা বিধানসভাৰ উপাধ্যক্ষজন…

নিউজ ডেস্ক। মন্ত্ৰী-বিধায়ক হ’লে ব্যয়বহুল বিলাসী বাহনত ঘূৰাটো তেওঁলোকৰ বাবে এক অভিজাত্যৰ প্ৰতীক হৈ পৰে। চেলিব্ৰেটী সদৃশ ভাৱ, আৰামদায়ক জীৱন আৰু সাতটা প্ৰজন্মলৈ বহি খাব পৰাকৈ ধন উপাৰ্জনৰ বাবেই বহুতে মন্ত্ৰী-বিধায়ক হোৱাৰ সপোন দেখে।

কিন্তু চুবুৰীয়া ৰাজ্য মিজোৰামত এনে এগৰাকী ৰাজনীতিবিদ আছে, যিয়ে আৰামদায়ক জীৱনতকৈ তেওঁ অধিক গুৰুত্ব দিয়ে সমষ্টিবাসীৰ উন্নয়নত। চৰকাৰী বিলাসী ভিভিআইপি বাহনৰ ঠাইত তেওঁ সেয়ে যাত্ৰা কৰে তেওঁৰ পচন্দৰ বাইকত।

প্ৰতি সপ্তাহতেই তেওঁ নিজে প্ৰতিনিধিত্ব কৰা সমষ্টিটো পৰিদৰ্শন কৰে সমস্যাৰ বুজ লয়।

p1 2
বিলাসী ভিভিআইপি গাড়ী এৰি প্ৰিয় বাইকখনত উঠি ঘূৰি ফুৰা বিধানসভাৰ উপাধ্যক্ষজন... 4

কেতিয়াবা যদি তেওঁক পথৰ কাষৰ লেতেৰা নলা পৰিস্কাৰ কৰি থকা দেখা যায়, আন কেতিয়াবা আকৌ পথৰ ওপৰত আৱদ্ধ হৈ থকা বাহন ঠেলি থকাৰ দৃশ্যই আকৰ্ষণ কৰে সাধাৰণ জনতাৰ দৃষ্টি।

তেওঁ হৈছে মুখ্যমন্ত্ৰী জোৰামথাংগাৰ চৰকাৰৰ শীৰ্ষ নেতা সকলৰ অন্যতম তথা মিজোৰাম বিধানসভাৰ উপাধ্যক্ষ লালৰিনাৱমা। সমষ্টিবাসীৰ অতি আপোন লালৰিনাৱমাই কেৱল গুৰুত্বপূৰ্ণ চৰকাৰী কামৰ সময়তহে ব্যৱহাৰ কৰে ভিভিআইপি বাহন।

বাকী সমষ্টিবাসীৰ ওচৰলৈ যোৱাৰ সময়তে হওক বা ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ সময়তে হওক, তেওঁ ব্যৱহাৰ কৰে তেওঁৰ পচন্দৰ বাইকখন।

p2 3
বিলাসী ভিভিআইপি গাড়ী এৰি প্ৰিয় বাইকখনত উঠি ঘূৰি ফুৰা বিধানসভাৰ উপাধ্যক্ষজন... 5

চেৰছিপ জিলাৰ টুইকুম বিধানসভা সমষ্টিৰ মিজো নেচনেল ফ্ৰণ্টৰ (এমএনএফ) বিধায়ক লালৰিনাৱমাৰ সাধাৰণ জীৱন ধাৰনেও প্ৰভাৱিত কৰি আহিছে সমষ্টিবাসীক। তেওঁৰ সৰলতা আৰু বিনম্ৰতাই আকৃষ্ট কৰে সাধাৰণ জনতাক।

টুইকুমৰ পৰা দ্বিতীয় কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বিধায়কজনে ২০১৯ৰ পৰা বিধানসভাৰ উপাধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হৈও খুব সাধাৰণভাৱে তেওঁ জীৱন নিৰ্বাহ কৰে। লালৰিনাৱমাৰ সৰলতা, সমষ্টিবাসীৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাত কৃতজ্ঞ সমষ্টিবাসীও।

p3 3
বিলাসী ভিভিআইপি গাড়ী এৰি প্ৰিয় বাইকখনত উঠি ঘূৰি ফুৰা বিধানসভাৰ উপাধ্যক্ষজন... 6

প্ৰায়ে বাইক চলাই আইজলত ঘূৰি ফুৰা দেখা যায় লালৰিনাৱমাক। তেওঁ এই সন্দৰ্ভত কয়, “বেছিভাগ সময়তে মই বজাৰ, বন্ধুবৰ্গ, আত্মীয়-স্বজনলৈ যাবলৈ আৰু আন আন কাৰ্যত উপস্থিত থাকিবলৈ মোৰ বাইকখন ব্যৱহাৰ কৰোঁ। ৰাজপথৰ তীব্ৰ যান জঁটৰ বাবে মই বাইক যাত্ৰা কৰিবলৈ বেছি পচন্দ কৰেো। ভিভিআইপি গাড়ী কেৱল গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবেহে ব্যৱহাৰ কৰা হয়।’’

সদায় মানৱতাবাদী নেতা হিচাপে পৰিচয় লাভ কৰি অহা লালৰিনাৱমাৰ মতে, সমাজক ধনী বা দুখীয়া, ডেকা বা বৃদ্ধৰ জৰিয়তে পৃথক কৰা উচিত নহয়। সকলোৱেই মানুহ। টকা-পইচা, ডকা-বুঢ়াক লৈ মানুহক হেয় দৃষ্টিৰে চোৱা উচিত নহয়। ৰাজনীতিবিদ সকলেও সকলোকে সমান দৃষ্টিৰে চাই সমানে সকলোৰে উন্নয়নৰ কথা চিন্তা কৰিব লাগে বুলি মন্তব্য কৰে লালৰিনাৱমাই।

আনহাতে তেওঁ লগতে কয় যে তেওঁক কোনোবাই ‘ছাৰ’ বুলি মাতিলে ভাল নাপায়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনত তেওঁৰ সমষ্টি ভ্ৰমণৰ সময়ত লালৰিনাৱমাক পথৰ দাঁতিৰ এটা নলা পৰিস্কাৰ কৰা দেখা গৈছিল। নলাৰ পানীয়ে পথ অৱৰোধ কৰাৰ বাবে তেওঁ নিজেই লেতেৰা নলাটো পৰিস্কাৰ কৰিছিল। আনহাতে তাৰ পৰৱৰ্তী সময়ত পথৰ ওপৰত আৱদ্ধ এখন চাৰিচকীয়া বাহন ঠেলি থকাৰ সময়ত বিধায়কজনৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

মিজোৰামৰ চানা বা জিয়না পাৱলৰ বাসস্থানৰ বাবে সুপৰিচিত চেৰ্ছিপ জিলাৰ এখন গাওঁ বাকটাৱঙৰ নিৱাসী লালৰিনাৱমাই কয়, “এজন নেতাই নেতৃত্ব দিব লাগে আৰু যিকোনো কাম কৰিবলৈ আগভাগ ল’ব লাগে। বিশেষকৈ সমাজৰ সেৱাৰ কথা যেতিয়া উত্থাপন হয়, তেতিয়া এজন নেতাৰ দায়িত্ব অধিক বৃদ্ধি পায়।’’

বৰ্তমান চৰকাৰৰ আটাইতকৈ সক্ৰিয় বিধায়ক হিচাপে পৰিচিত লালৰিনাৱমাই প্ৰতি সপ্তাহত তেওঁৰ সমষ্টি পৰিদৰ্শন কৰে। ২০১৮ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা যোৱা বিধানসভা নিৰ্বাচনত তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে টুইকুম আসনৰ পৰা নিৰ্বাচিত হৈছিল আৰু ২০২৩ চনত সমষ্টিটোৰ পৰা হেট্ৰিকৰ আশা কৰিছে।

Leave a Comment