fbpx
অসমীয়াঅসম

বিলাসী বাহনেৰে ৩৩ লক্ষাধিক টকাৰ জালনোট সৰবৰাহ! গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী…

নিউজ ডেস্কঃ কেইবালক্ষাধিক টকাৰ জালনোটসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী।

নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী দুজনক।

নগাঁৱৰ ধিং গেটত এখন ছুইফ্ট ডিজায়াৰ বাহনত আৰক্ষীয়ে চলায় তালাচী অভিযান।

অভিযানকালত জব্দ প্ৰায় ৩৩ লাখ ৫২,৫০০ টকাৰ জালনোট।

এআৰ ০১এন ৩১২০ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনেৰে জালনোট খিনি সৰবৰাহ কৰিছিল সৰবৰাহকাৰী দুজনে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জুৰীয়াৰ শ্বৰাফৎ আলী আৰু নুৰ হুছেইনক।

অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!