নিউজ ডেস্কঃ বিলাসী বাহনত উঠি মটৰ পাম্প চুৰি কৰা ৪ গভাইত চোৰ অৱশেষত পৰিল আৰক্ষীৰ জালত।
হাজোৰ বঙালপাৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এখন বিলাসী বাহনৰ পৰা ৬টাকৈ চুৰি মটৰ পাম্প উদ্ধাৰ কৰাৰ লগতে আটক কৰে ৪টাকৈ গভাইত চোৰক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই গভাইত চোৰ কেইটাই দীৰ্ঘ সময়ৰ পৰা হাজোৰ বিভিন্ন প্ৰান্তৰ খেতি পথাৰৰ পৰা মটৰ পাম্প চুৰি কৰি আহিছিল।
শনিবাৰেও বঙালপাৰাৰ লগত দাঁতিকাষৰীয়া গাঁৱৰ খেতি পথাৰৰ পৰা ৬টাকৈ চুৰি কৰা মটৰ লৈ বিলাসী বাহনেৰে পলায়ন কৰিবলৈ লওতেই আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এএছ ১৩এফ ৪৬৬০ নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰে।
আৰক্ষীয়ে বাহনখনৰ পৰা ৬টা চুৰি মটৰ পাম্প উদ্ধাৰ কৰাৰ লগতে ৪টা চোৰক আটক কৰিছে।
ধৃত গভাইত চোৰ কেইটা ক্ৰমে হাজোৰ দক্ষিণ বৰ্ণিৰ ছাহিদুল ইছলাম আৰু জাহিদুল ইছলাম, হাবলাখাৰ বডিউৰ জামান আৰু নতুন চৰাবড়ীৰ ইউচুফ আলী বুলি জানিব পৰা গৈছে।
পুৱতি নিশা এনেদৰে মটৰ পাম্প সহিতে হাতেলোতে ধৰা পৰাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে চোৰ কেইটাক থানালৈ আনি জেৰা অব্যাহত ৰাখিছে।