বিলাসী বাহনত সৰবৰাহ কৰা মাওবাদীৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ আৰক্ষীৰ

ব্যৱসায়ী আৰু ঠিকাদাৰৰ পৰা ধন দাবী কৰি সেই ধনেৰে বিলাসী জীৱন যাপন কৰি আছে ঝাৰখণ্ডৰ মাওবাদীসকলে।

শেহতীয়াকৈ ৰাঁচীৰ পৰা পিপলছ লিবাৰেচন ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএলএফআই) কেইবাজনো কেডাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে এই তথ্য।

পোহৰলৈ অহা তথ্য অনুসৰি মাওবাদী শীৰ্ষ নেতা সকলে ব্যৱসায়ী-ঠিকাদাৰৰ পৰা সংগ্ৰহ কৰা ধনেৰে ডেৰ কোটিৰো অধিক টকা মূল্যৰ বিলাসী বাহন ক্ৰয় কৰি এক বিলাসীতাপূৰ্ন জীৱন যাপন কৰি আছে।

আমোদজনক ভাৱে, এই বাহনবোৰ বিদ্ৰোহীসকলে স্থানীয় ব্যৱসায়ীসকলৰ পৰা কৰ সংগ্ৰহ আৰু সংগঠনৰ কেডাৰসকলক অস্ত্ৰ যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

FIp-Buz-OVUAEM059

ৰাঁচী আৰক্ষীয়ে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, এছএছপিয়ে ধুৰৱাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰাৰ সৈতে জড়িত কেইজনমান লোকক প্ৰত্যক্ষ কৰাৰ বিষয়ে এক গোপন খবৰ লাভ কৰে।

এই খবৰৰ ভিত্তিতে বৃহস্পতিবাৰে ৰাঁচীৰ ৰিং ৰোডৰ ওচৰৰ এটা পথৰ কাষৰ এখন ধাবাত অভিযান চলায় আৰক্ষীয়ে।

অভিযানত পিএলএফআই কেডাৰৰ বাবে চিম কাৰ্ড যোগান ধৰা আৰ্য কুমাৰ সিং আৰু উজ্জ্বল কুমাৰ চাহুৰ লগতে আমিৰচান্দ কুমাৰক আৰক্ষীয়ে আটক কৰে।

FIp-Bv-C5-VUAAOPe

আনহাতে, নিবেশ কুমাৰ, শুভম কুমাৰ আৰু ধ্ৰুৱ কুমাৰ নামৰ আন ৩জন অভিযুক্ত এখন বিএমডব্লিউ গাড়ী আৰু থাৰ জীপত পলায়ন কৰিবলৈ সক্ষম হয়।

খবৰ অনুসৰি তেওঁলোক পিএলএফআইৰ মুৰব্বী দিনেশ গোপেৰ দলৰ অন্তৰ্ভুক্ত। পিছত, আমিৰচান্দৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত, কেইবাটাও উচ্চ মানদণ্ডৰ তাঁবু, স্লিপিং বেগ আৰু মাওবাদী পত্ৰিকাৰ লগতে নগদ ৩.২৫ লাখ টকা উদ্ধাৰ কৰা হয়।

পলায়নৰ বাবে বাকী তিনিজনে ব্যৱহাৰ কৰা গাড়ী আৰু জীপখনো আৰক্ষীয়ে জব্দ কৰে।

অভিযুক্ত কেইজনে জেৰাৰ সময়ত আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে যে তেওঁলোকে গোপৰ বাবে কাম কৰে।

তেওঁলোকে আৰক্ষীক এইটোও জনায় যে সামগ্ৰীখিনি এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিলাসী বাহন ব্যৱহাৰ কৰা হয় আৰু ধ্ৰুৱ আৰু শুভমেও তেওঁলোকৰ সৈতে একেটা দলৰ হৈ কাম কৰে।

Leave a Comment