বিলাসী বাহনত বস্তাত বান্ধি নিয়া অৱস্থাত উদ্ধাৰ ১১ টাকৈ কুকুৰ, দুজনক গ্ৰেপ্তাৰ…

বিলাসী বাহনত বস্তাত বান্ধি নিয়া অৱস্থাত উদ্ধাৰ কুকুৰ।

দৰঙৰ দলগাঁৱত বস্তাত বান্ধি নিয়া অৱস্থাত উদ্ধাৰ ১১টাকৈ কুকুৰ।

কাৰ্বিআংলঙৰ পৰা ডিমাপুৰলৈ নিয়াৰ পথত উদ্ধাৰ হয় কুকুৰকেইটা।

বস্তাত বান্ধি বিলাসী বাহন এখনত বহিঃৰাজ্যলৈ কুকুৰ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰীসহ কুকুৰকেইটা।

জানিব পৰা মতে দলগাঁৱৰ ১ নং শিয়ালমাৰী গাঁৱৰ পৰা কুকুৰ উঠাই এ এছ ০৭ পি ৩৯১৯ নম্বৰৰ বিলাসী বাহনখনত লৈ যোৱাৰ সময়ত দলগাঁও আৰক্ষীয়ে আটক কৰে।

ৰোষ্টানৱেল টেজন (৩৪) আৰু নেলচন (১৯) নামৰ কাৰ্বি আংলং জিলাৰ দুজন যুৱকক আটক।

জানিব পৰা মতে ডিমাপুৰলৈ লৈ যোৱাৰ কথা আছিল কুকুৰকেইটা।

দলগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুয়োকে জে’ললৈ প্ৰেৰণ কৰে।