fbpx
অসম

বিয়া পাতিবলৈ আহি হোমৰ গুৰিত ফিটিং দৰা! সাহসী কইনাই ল’লে এই সিদ্ধান্ত…

মদৰ বাবেই ভাগিল এখন বিয়া।

বিয়া কৰাবলৈ গৈ মদৰ নিচাত বিয়াথলীতে শুলে দৰা। ফিটিং দৰাক দেখি বিয়াত নবহিল কইনা।

কইনা অবিহনে হোমৰ গুৰিৰ পৰা উভতিল দৰা৷ এই ঘটনা নলবাৰীৰ বৰখনাজানৰ।

বৃহস্পতিবাৰৰ কইনাঘৰৰ বিয়াৰ চোতাল দিনৰ ভাগত সুন্দৰভাৱে পাৰ হৈছিল।

নিশা ১১ মান বজাত আহিল দৰা।গোলাপী নিচাত ক’বই নোৱাৰে দৰাই।

সুৰাৰ নিচাই গলত ধৰা দৰাই কিছুসময় পিছতে বিবাহ মণ্ডপত শুই পৰে।

দৰাৰ এই অৱস্থা দেখি কইনা ওলাই নাহে ঘৰৰ পৰা। কইনাৰ মত এনে দৰাৰ লগত তেওঁ সংসাৰ পাতিব নোৱাৰে।

বিবাহ অনুষ্ঠান পৰিণত হয় ৰাইজ মেলৰ বাকৰিত। গাঁওপ্ৰধান, স্থানীয় জ্যেষ্ঠ নাগৰিক সমন্বিতে ৰাইজ আলোচনাত বহে।

কইনাৰ মত লৈ শেষত বিবাহ বাতিল কৰা হয়।

কইনা নিবলৈ অহা দৰাও কইনা অবিহনে নিচাগ্ৰস্ত অৱস্থাৰ মাজেৰে উভতি যায় ঘৰলৈ।

ইপিনে গোটেই ঘটনা সহিব নোৱাৰি কইনাৰ পিতৃক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

এই বিষয়ক লৈ কইনা পক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!