
নিউজ ডেস্কঃ ১৫ ডিচেম্বৰত বিয়া। তাৰ পিছতে অসম জাতীয় পৰিষদৰ নেতৃত্ব ল’ব আছুৰ সদ্য পদত্যাগী সভাপতি দীপাংক কুমাৰ নাথে।
সংবাদ মাধ্যমক এই কথা জনালে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
উল্লেখ্য যে, দুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল দীপাংক কুমাৰ নাথে।
তাৰ পিছতে তেওঁ ৰাজহুৱা কৰিছিল গুৱাহাটী নিৱাসী ড০ ৰূপা হাজৰিকাৰ সৈতে তেওঁৰ বিয়াৰ কথা।
১৫ ডিচেম্বৰত সম্পন্ন হ’ব দীপাংক নাথ আৰু ৰূপা হাজৰিকাৰ বিয়াখন।
ইফালে কিছুদিন পৰিয়ালৰ সৈতে কটোৱাৰ পিছত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ইংগিত দিছিল দীপাংক কুমাৰ নাথে।
অন্যহাতে দীপাংক নাথ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে বুলিও চৰ্চা চলি থকাৰ মাজতে অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে তেওঁক লৈ কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে।
লুৰিণজ্যোতিয়ে কয় যে অসম জাতীয় পৰিষদ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছিল তেতিয়াৰ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।
সেয়ে ৰাইজৰ দাবীত, জাতীয় সত্বাৰে গঠন হোৱা অসম জাতীয় পৰিষদ দীপাংক নাথৰ নিজৰ দল।
এনে ক্ষেত্ৰত বিয়াৰ পিছতে দীপাংক কুমাৰ নাথক বিয়াৰ পিছতে অজাপত যোগদানৰ প্ৰস্তাৱ দিয়া হ’ব বুলিও মন্তব্য কৰিছিল লুৰিণজ্যোতি গগৈয়ে।