fbpx
অসম

বিয়াৰ চিঠিত দৰা-কইনাৰ জন্মৰ তাৰিখ! চৰকাৰৰ পদক্ষেপত সলনি হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰ, ব্যাপক চৰ্চা…

বাল্য বিবাহক লৈ বৰ্তমানেও তোলপাৰ হৈ আছে সমগ্ৰ ৰাজ্য।

ইতিমধ্যে অসম আৰক্ষীয়ে ৩ হাজাৰৰো অধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰাৰ মাজতে বাল্য বিবাহৰ প্ৰসংগই ন্যায়ালৰ মজিয়া পাইছে।

বাল্য বিবাহৰ দৰে কু সংস্কাৰ সমাজৰ পৰা নাইকিয়া কৰাৰ উদ্দেশ্যে চৰকাৰে হঠাতে লোৱা পদক্ষেপত বহু লোক বিপদৰ সন্মুখীনো হৈছে যদিও বহুতেই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে।

ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ বিয়াৰ নিমন্ত্ৰণী পত্ৰ।

নিমন্ত্ৰণী পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে দৰা আৰু কইনাৰ জন্মৰ তাৰিখ।

চিঠিখনত উল্লেখ কৰা অনুসৰি দৰাৰ জন্ম তাৰিখ হৈছে ২১ ডিচেম্বৰ ১৯৯২ আৰু কইনাৰ বয়স হৈছে ১ জানুৱাৰী ১৯৯৭।

কি কাৰণত বিয়াৰ নিমন্ত্ৰণী পত্ৰত জন্মৰ তাৰিখ উল্লেখ কৰা হৈছে সেয়া হয়তো আপুনি নিশ্চয় বুজিছে।

কিন্তু ধাৰণা কৰা হৈছে বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপৰ বাবেই সলনি হ’ল বিয়াৰ নিমন্ত্ৰণী পত্ৰ।

Related Articles

Back to top button