
নিউজ ডেস্কঃ পিছদিনা বিয়া! কিন্তু তাৰ এদিন পূৰ্বেই নিজৰ ঘৰতে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল বিয়াৰ কইনা।
যাৰ বাবে এক অনন্য বিবাহৰ সাক্ষী হৈ পৰিল ৰাজস্থানৰ কোটাৰ এম বি এছ হাস্পতাল।
হাস্পতালখনত চিকিৎসাধীন হৈ থকা কইনাক বিয়া কৰাবলৈ ৰামগঞ্জমণ্ডীৰ পৰা বিবাহ শোভাযাত্ৰা লৈ উপস্থিত হয় দৰা।
তাৰ পিছতে পৰিয়ালৰ লোকৰ উপস্থিতিত দেওবাৰে বিয়লি সম্পন্ন হয় তেওঁলোকৰ বিয়াখন।

এই বিয়াখনৰ বাবেই চিকিৎসালয়ত এটা কটেজ ৰুম বুকিং কৰি সজাই তোলা হয়।
বিয়াৰ পিছত বৰ্তমানো হাস্পতালতে চিকিৎসাধীন হৈ আছে কইনাগৰাকী।
জানিব পৰা মতে, ৰামগঞ্জমণ্ডী অঞ্চলৰ ভৱপুৰাৰ নিবাসী পংকজ ৰাথোৰৰ দেওবাৰে ৰাৱতভাটাৰ নিৱাসী মধু ৰাথোৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল।
এই বিয়াখনক লৈ দুয়োখন ঘৰতে আছিল উখল মাখল পৰিৱেশ। বিয়াৰ সমস্ত যা-যোগাৰ ইতিমধ্যেই সম্পন্ন হৈছিল।

কিন্তু ইয়াৰ মাজতে শনিবাৰে নিজৰ ঘৰৰ চিৰিৰ পৰা বাগৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কইনা মধু ৰাথোৰ।
ভৰি, মূৰ আৰু হাতত আঘাত পোৱা মধুক লগে লগে ভৰ্তি কৰোৱা হয় কোটাৰ এমবিএছ হাস্পতালত।
দুৰ্ঘটনাটোৰ পিছত দৰা পংকজ ৰাথোদৰ পিতৃ শিৱলাল ৰাথোদ আৰু মধুৰ ভাতৃৰ মাজত কথা-বতৰা হয় আৰু পংকজে চিকিৎসালয়তে বিয়াখন সম্পন্ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
ইয়াৰ পিছত দুয়োৰে বিবাহৰ ৰীতি-নীতি চিকিৎসালয়খনতে কৰাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
ইয়াৰ বাবে তেওঁলোকে প্ৰথমে কটেজত কোঠা এটা বুকিং কৰি ফুলেৰে সজাই তোলে।
তাৰ পিছত তাতেই বিয়াৰ অনুষ্ঠান সম্পন্ন হয়। দৰা নিজেই হুইল চেয়াৰত বহি থকা কইনাক ৱাৰ্ডৰ পৰা মণ্ডপলৈ লৈ আহে।
ইয়াৰ পিছত দৰা-কইনা ইজনে সিজনক বৰমালা পিন্ধাই আনুষ্ঠানিকভাৱে বিবাহখন সম্পন্ন কৰে।