বিমান যাত্ৰীৰ মোবাইললৈ প্ৰেয়সীয়ে প্ৰেৰণ কৰা মেছেজৰ বাবেই লাগিল হাহাকাৰ! ৬ ঘন্টা পলমকৈ উৰা মাৰিলে বিমানে

নিউজ ডেস্কঃ এটা ধেমেলীয়া হোৱাটছএপ মেছেজৰ বাবেই কিছু সময়ৰ বাবে আতংকৰ সৃষ্টি হ’ল এখন যাত্ৰীবাহী বিমানত। এগৰাকী যাত্ৰীৰ মোবাইলত প্ৰেয়সীয়ে প্ৰেৰণ কৰা এটা হোৱাটছ এপ মেছেজ কাষত বহি থকা এগৰাকী মহিলাই প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় উদ্বেগজনক পৰিস্থিতিৰ।

বিমানখনত থকা আটাইকেইজন যাত্ৰীক নমাই আনি তন্ন তন্নকৈ পৰীক্ষা কৰা হয়। লগতে বিমানৰো প্ৰতিটো চুক কোণ ভালদৰে পৰীক্ষা কৰি অৱশেষত ৬ ঘণ্টা পলমকৈ বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে যাত্ৰীবাহী বিমানখনে।

এনে এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হয় মাংগালুৰু বিমান বন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত।

দৰাচলতে বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে বিমানখনে উৰা মৰাৰ ক্ষন্তেক পূৰ্বে হোৱাটছএপ যোগে কথা পাতি আছিল এহাল প্ৰেমিক-প্ৰেমিকাই। সেই সময়ত প্ৰেয়সীয়ে বাংগালুৰু অভিমুখী বিমানৰ বাবে অপেক্ষা কৰি থকাৰ বিপৰীতে প্ৰেমিক আছিল মুম্বাই অভিমুখী বিমানৰ অপেক্ষাত।

দুখন পৃথক বিমানৰ অপেক্ষাত থকা প্ৰেমিক-প্ৰেমিকাহালে হোৱাটছএপ মেছেজতে পাতি আছিল কথা। সেই সময়তে কোনো কাৰণত ধেমালিতে প্ৰেয়সীয়ে প্ৰেমিক যুৱকজনলৈ প্ৰেৰণ কৰে ‘আপুনি এজন বোমাৰু’ বুলি এটা মেছেজ।

ইফালে যুৱকজনৰ কাষত থকা এগৰাকী সতীৰ্থ মহিলা যাত্ৰীয়ে যুৱকজনৰ মোবাইল স্ক্ৰীণত এই মেছেজটো দেখি আতংকগ্ৰস্ত লৈ লগে লগে ক্ৰু মেম্বাৰক বিষয়টো অৱগত কৰে। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় ট্ৰেফিক কণ্ট্ৰ’লাৰক।

অন্যহাতে ঘটনাক লৈ সমগ্ৰ পৰিস্থিতি আতংকিত হৈ পৰাত বিমান যাত্ৰীসকলক বিমানৰ পৰা নমাই আনি তেওঁলোকৰ লাগেজ সমূহ তন্নকৈ পৰীক্ষা কৰাৰ লগতে বিমানখনো আইশ্যলেছন বে’লৈ প্ৰেৰণ কৰি পৰীক্ষা কৰা হয়। যাত্ৰীসকলক প্ৰায় ৬ ঘণ্টা ধৰি সোধা-পোছা চলোৱাৰ অন্তত অৱেশষত নিশ্চিত হয় যে সেয়া কেৱল এটা ধেমেলীয়া মেছেজহে আছিল।

মেছেজটো সন্দৰ্ভত সকলো নিশ্চিত কৰাৰ পিছত অৱশেষত ১৮৫ গৰাকী যাত্ৰীক পুনৰ বিমানত উঠিবলৈ অনুমতি প্ৰদান কৰা হয় আৰু ৬ ঘণ্টা পলমকৈ সন্ধিয়া ৫ বজাত বিমানখনে মুম্বাই অভিমুখে উৰা মাৰে। অৱশ্যে যুৱকজনক বিমানত উঠিবলৈ অনুমতি প্ৰদান নকৰিলে কৰ্তৃপক্ষই।

ইফালে ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, গোৰখপুৰৰ নিৱাসী প্ৰেমিক-প্ৰেমিকাহালে হোৱাটছএপত কথা পাতি আছিল। সেই কথাৰ মাজতে এটা ধেমেলীয়া মেছেজৰ বাবে সৃষ্টি হয় এনে অভাৱনীয় পৰিস্থিতিৰ। ঘটনাৰ পিছতে বাজপে আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৫ ১বি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।