
নিউজ ডেস্কঃ ইণ্ডিগ’ এয়াললাইনৰ বিমানযোগে যাত্ৰাৰ সময়ত দুৰ্ব্যৱহাৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি অভিনেত্ৰী পূজা হেগড়েয়ে কৰা টুইটৰ পিছতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
বিমানৰ এগৰাকী কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে খোদ অভিনেত্ৰীগৰাকীয়ে। টুইটাৰত তেওঁ কৰ্মচাৰীজনৰ নাম পৰ্যন্ত উল্লেখ কৰিছে।

অভিনেত্ৰী পূজা হেগড়েয়ে টুইটাৰত লিখিছে, “ইণ্ডিগো এয়াৰলাইনৰ কৰ্মচাৰী বিপুল নাকাছে আজি মুম্বাইৰ পৰা উৰা মৰা বিমানত আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। তেওঁ আমাৰ সৈতে অহংকাৰী, অজ্ঞতাৰে আৰু ভাবুকিপূৰ্ণ সুৰত কথা পাতে, তাকো কোনো কাৰণ নোহোৱাকৈ। সাধাৰণতে মই এনে বিষয়ত টুইট নকৰো। কিন্তু এইটো সঁচাকৈয়ে ভয়ংকৰ আছিল।”
Extremely sad with how rude @IndiGo6E staff member, by the name of Vipul Nakashe behaved with us today on our flight out from Mumbai.Absolutely arrogant, ignorant and threatening tone used with us for no reason.Normally I don’t tweet abt these issues, but this was truly appalling
— Pooja Hegde (@hegdepooja) June 9, 2022
ইফালে অভিনেত্ৰীগৰাকীয়ে টুইটযোগে এই অভিযোগ উত্থাপন কৰাৰ পিছতে ইণ্ডিগ’ এয়াৰলাইনে ক্ষমা বিচৰা পৰিলক্ষিত হয়।
একে সময়তে পূজা হেগড়েৰ টুইটক লৈ এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।
একাংশই তেওঁক দুৰ্ব্যৱহাৰ কৰা কৰ্মচাৰীজনক বৰ্খাস্ত কৰাৰ দাবী জনোৱাৰ বিপৰীতে আন কিছুৱে অভিনেত্ৰীগৰাকীৰ অভিযোগ মিছা বুলি দাবী কৰিছে।
লগতে চাওকঃ
নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন
