বিমান যাত্ৰাৰ দৰেই ব্যয়বহুল হ’ল ৰে’ল যাত্ৰাও! ‘অতিৰিক্ত’ সামগ্ৰী কঢ়িয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল

নিউজ ডেস্কঃ আপোনাৰো ৰে’ল ভ্ৰমণ প্ৰিয় নেকি? যদি প্ৰিয়, তেন্তে এই বাতৰি নিশ্চিতভাৱে আপোনাৰ বাবে। কাৰণ এতিয়াৰে পৰা বিমানৰ দৰে ব্যয়বহুল হ’ব আপোনাৰ ৰে’ল যাত্ৰাও।

ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে কঢ়িওৱা লাগেজ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে ৰে’ল মন্ত্ৰণালয়ে।

বিমান যাত্ৰাৰ দৰেই এতিয়াৰে পৰা ৰে’ল যাত্ৰাৰ সময়তো ৰে’ল মন্ত্ৰণালয়ে নিৰ্ধাৰিত কৰি দিয়া হাৰতকৈ অধিক লাগেজ বা অন্য বয় বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত যাত্ৰীয়ে অতিৰিক্ত মাচুল ভৰিব লাগিব বুলি স্পষ্ট কৰি দিছে ৰে’ল বিভাগে।

উল্লেখ্য যে, পূৰ্বে ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে অসীমিত লাগেজ নিজৰ সৈতে বিনামূলীয়াকৈ কঢ়িয়াব পাৰিছিল যদিও নতুন নিৰ্দেশনা অনুসৰি এজন যাত্ৰীয়ে তেওঁৰ সৈতে কিমান লাগেজ কঢ়িয়াব পাৰিব সেয়া নিৰ্ধাৰণ কৰি দিছে ৰে’ল মন্ত্ৰণালয়ে।

image 59
বিমান যাত্ৰাৰ দৰেই ব্যয়বহুল হ’ল ৰে’ল যাত্ৰাও! 'অতিৰিক্ত' সামগ্ৰী কঢ়িয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল 3

আনহাতে সুৰক্ষিত ৰূপত টোপোলা বন্ধা নাথাকিলে, তেনে লাগেজ বুকিং অথবা কঢ়িওৱা নহ’ব বুলিও নিৰ্দেশনাযোগে প্ৰকাশ কৰিছে আইআৰটিচিয়ে।

অৱশ্যে বয়বস্তুৰ টোপোলা পঠিওৱা ব্যক্তি কিম্বা তেওঁৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্রতিনিধিয়ে লিখিত ৰূপত টোপোলাটোৰ বিসংগতি সন্দৰ্ভত লিখি দিলে সেয়া বুকিং আৰু কঢ়িওৱা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে।

ৰে’ল মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা এচি প্ৰথম শ্ৰেণীত যাত্ৰা কৰা যাত্ৰীয়ে কোনো মাচুল নভৰাকৈ সৰ্বাধিক ৭০ কেজি লাগেজ, এচি ২ টায়াৰৰ যাত্ৰীয়ে সৰ্বাধিক ৫০ কেজিৰ লাগেজ, এচি ৩ টায়াৰ শ্ৰীপাৰ অথবা এচি চেয়াৰ কাৰৰ যাত্ৰীয়ে ৪০ কেজিৰ লাগেজ বা বয় বস্তু নিজৰ সৈতে কঢ়িয়াব পাৰিব।

image 60
বিমান যাত্ৰাৰ দৰেই ব্যয়বহুল হ’ল ৰে’ল যাত্ৰাও! 'অতিৰিক্ত' সামগ্ৰী কঢ়িয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল 4

ঠিক সেইদৰে শ্লিপাৰ শ্ৰেণীৰ যাত্ৰীয়ে সৰ্বাধিক ৪০ কেজি আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰীয়ে সৰ্বাধিক ২৫ কেজি ওজনৰ বয়বস্ত নিজৰ লগত কঢ়িয়াব পাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

কোনো যাত্ৰীয়ে ৰে’ল বিভাগে নিৰ্ধাৰণ কৰি দিয়া হাৰতকৈ অধিক লাগেজ কঢ়িয়ালে নূন্যতম ৩০ টকা অতিৰিক্ত মাচুল ভৰিব লাগিব বুলি নিৰ্দেশনাৰ জৰিয়তে কোৱা হৈছে।

আনহাতে ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে তেওঁৰ লাগেজ যাত্ৰা আৰম্ভ কৰাৰ ৩০ মিনিট পূৰ্বে লাগেজ অফিচলৈ প্ৰেৰণ কৰিব লাগিব বুলিও নতুন নিয়ম বলবৎ কৰা হৈছে।

অৱশ্যে যাত্রীয়ে অনলাইন টিকট বুকিঙৰ সময়তেই লাগেজৰো তথ্যসহ বুকিং কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

Leave a Comment