বিমান বন্দৰৰ পৰা উৰা মৰাৰ ঠিক পূৰ্বে বিমানত ঘটিল অঘটন, প্ৰাণৰক্ষা ১৭৩ গৰাকী যাত্ৰীৰ…

নিউজ ডেস্কঃ পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন।

এইবাৰ বিমান বন্দৰৰ ৰানৱেৰ পৰা উৰা মৰাৰ ঠিক পূৰ্বে বিস্ফোৰণ ঘটিল বিমানৰ টায়াৰ।

জানিব পৰা মতে, নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভূৱনৰ পৰা দিল্লী অভিমুখে উৰা মৰাৰ ঠিক পূৰ্বে এয়াৰ ইণ্ডিয়াৰ বিমানখনত সংঘটিত হয় এই ঘটনা।

বিমানখনে টেক অফৰ বাবে ৰানৱেত উপস্থিত হোৱাৰ সময়তে হঠাৎ বিমানখনৰ এটা টায়াৰ ফাটি যায়।

যাৰ পিছতে লগে লগে স্থগিত ৰখা হয় বিমানখনৰ উৰণ।

জানিব পৰা মতে, সেই সময়ত বিমানখনত আছিল ক্ৰু মেম্বাৰসহ মুঠ ১৭৩ গৰাকী যাত্ৰী।

অৱশ্যে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া কৰ্তৃপক্ষই।