
নিউজ ডেস্কঃ এক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান। ওমানৰ মাস্কাট বিমান বন্দৰৰ পৰা কোচি অভিমুখে উৰা মৰাৰ ঠিক পূৰ্বে বিমানখনৰ ইঞ্জিনত অগ্নিকাণ্ড ধৰা পৰাত লগে লগে যাত্ৰীসকলৰ নমাই খালী কৰা হয় বিমানখন। যাৰ ফলত আকাশ মাৰ্গত সংঘটিত হ’বপৰা যিকোনো ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমান যাত্ৰীসকল।
জানিব পৰা মতে, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখনত সেই সময়ত আছিল ক্ৰু মেম্বাৰ আৰু ৪টা শিশুসহ মুঠ ১৪৫ জন যাত্ৰী। অগ্নিকাণ্ড ধৰা পৰাৰ পিছতে যাত্ৰীসকলক টাৰ্মিনেল বিল্ডিঙলৈ স্থানান্তৰ কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।
Passengers evacuated via slides after smoke on Air India Express Muscat-Cochin flight IX-442, VT-AXZ.- There were 141 passengers plus 6 crew onboard and all are safe. #airindia pic.twitter.com/OtHERoQAoZ
— Utkarsh Singh (@utkarshs88) September 14, 2022
অসামৰিক বিমান পৰিবহণ সঞ্চালকলয়ৰ এক বিবৃতি অনুসৰি, পৰৱৰ্তী সময়ত সাহায্য বিমানৰ জৰিয়তে যাত্ৰীসকলক কোচি বিমান বন্দৰলৈ অনা হয়।
উল্লেখ্য যে, কালিকটৰ পৰা ডুবাইলৈ উৰা মৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আন এখন বিমানতো হঠাৎ ধোঁৱা দেখিবলৈ পোৱাত লগে লগে মাস্কাট বিমান বন্দৰত জৰুৰী অৱতৰণ কৰা হৈছিল। যাৰ ফলত সেইবাৰো বিমান যাত্ৰীসকল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল।