বিমানবন্দৰ-ৰে’লষ্টচনত এতিয়াৰে পৰা বাধ্যতামূলক নহয় ক’ভিড-১৯ৰ পৰীক্ষা

নিউজ ডেস্ক। দেশজুৰি ক’ভিড-১৯ৰ দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পােৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ষেত্ৰত থকা বাধ্যবাধকতা ক্ৰমান্বয়ে শিথিল কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

সােমবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত যাত্ৰীৰ বাধ্যতামূলক ক’ভিড-১৯ পৰীক্ষা বাতিল কৰা হৈছে।

FLiXutRUUAAMNhX
বিমানবন্দৰ-ৰে’লষ্টচনত এতিয়াৰে পৰা বাধ্যতামূলক নহয় ক’ভিড-১৯ৰ পৰীক্ষা 2

বিভাগটােৰ প্ৰধান সচিব অনুৰাগ গােৱেলৰ স্বাক্ষৰিত এই নিৰ্দেশনাটােত চিকিৎসা মহাবিদ্যালয় হাস্পতাল নাইবা অন্যান্য চৰকাৰী হাস্পতালৰ জৰুৰীকালীন সেৱাৰ বাবেও প্ৰয়ােজন বাধ্যতামূলক নহ’ব ক’ভিড-১৯ৰ পৰীক্ষা।

অৱশ্যে লক্ষণ বিশিষ্ট লােকসকলক স্বেচ্ছামূলকভাৱে ক’ভিড-১৯ৰ পৰীক্ষা কৰাবলৈ এই নিৰ্দেশনাটােত আহ্বান জনােৱা হৈছে।

Leave a Comment