
নিউজ ডেস্কঃ ধৰ্মৰ নামত একাংশই ৰাজনীতি কৰে। একাংশই নিজৰ স্বাৰ্থ পুৰণৰ বাবে ভাগ ভাগ কৰে হিন্দু-মুছলামক। সমাজত এনে একাংশ লোকে ধৰ্মীয় বিষবাষ্প বিয়পাই থকাৰ সময়তে তামিলনাডুৰ এগৰাকী মুছলমান ব্যক্তিয়ে হিন্দু মন্দিৰলৈ ১.০২ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ বাতৰিয়ে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
জানিব পৰা মতে, আব্দুল ঘানী নামৰ চেন্নাই নিৱাসী ইছলাম ধৰ্মাৱলম্বী লোকজনে তিৰুমালাৰ ভগৱান ভেকটেশ্বৰৰ মন্দিৰলৈ আগবঢ়ায় এই অনুদান। ইছলাম ধৰ্মৰ লগতে হিন্দু ধৰ্মকো সমানে শ্ৰদ্ধা কৰা এইগৰাকী মুছলমান ব্যক্তিক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।
উল্লেখ্য যে, আব্দুল ঘানীয়ে হিন্দু মন্দিৰলৈ অনুদান আগবঢ়োৱাৰ ঘটনা এয়াই প্ৰথম নহয়। বিগত ৩ দশকৰো অধিক সময় ধৰি তেওঁ তিৰুপতি মন্দিৰৰ লহতে বিভিন্ন মন্দিৰলৈ বাহন, আচবাব আৰু নগদ ধন অনুদান হিচাপে আগবঢ়াই আহিছে।

আব্দুল ঘানীয়ে মঙলবাৰে পৰিয়ালৰ সদস্যৰ সৈতে মন্দিৰত উপস্থিত হৈ মুঠ প্ৰায় ৮৭ লাখ টকাৰ আচবাব আৰু বাচন-বৰ্তন আৰু ১৫ লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট ২ হাজাৰৰো পুৰণি পাহাৰীয়া মন্দিৰটো পৰিচালনা কৰা তিৰুমলা তিৰুপতি দেৱস্থানম (টিটিডি)লৈ আগবঢ়ায়।
ঘানীয়ে আগবঢ়োৱা বাচন-বৰ্তন আৰু আচবাব সমূহ পাহাৰাৰ ওপৰত থকা ভিআইপি অতিথিশালাত ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে টিটিডিৰ এগৰাকী সদস্যই। সেইদৰে নগদ ধনৰ অনুদান টিটিডিৰ দ্বাৰা পৰিচালিত শ্ৰীভেংকটেশ্বৰ অন্নপ্ৰসাদ ট্ৰাষ্টৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে। এই ধনেৰে মন্দিৰলৈ অহা দৰ্শনাৰ্থীসকলক বিনামূলীয়া খাদ্য যোগান ধৰা হ’ব।