বিভেদ আঁতৰাই ঐক্যৰ বাৰ্তা! ৰামায়ণত পিএইছডি কৰি সংস্কৃত বিষয়ৰ প্ৰধামগৰাকী মুছলমান অধ্যাপিকা হ’ল অঞ্জুম আৰা…

নিউজ ডেস্কঃ হিন্দু ধৰ্মগ্ৰন্থ ৰামায়াণৰ ওপৰত পিএইছডি কৰি সংস্কৃত বিষয়ত দেশৰ প্ৰথমগৰাকী মুছলমান অধ্যাপক হ’ল এগৰাকী মুছলমান যুৱতী।

ৰাজস্থানৰ উদয়পুৰৰ নিৱাসী অঞ্জুম আৰা নামৰ মুছলমান যুৱতীগৰাকীয়ে শেহতীয়াকৈ আৰ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰি সংস্কৃত বিষয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

image 55
বিভেদ আঁতৰাই ঐক্যৰ বাৰ্তা! ৰামায়ণত পিএইছডি কৰি সংস্কৃত বিষয়ৰ প্ৰধামগৰাকী মুছলমান অধ্যাপিকা হ’ল অঞ্জুম আৰা… 3

ইয়াৰ পূৰ্বে উদয়পুৰৰ বিভাগীয় সংস্কৃত শিক্ষা বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ ডি আই হিচাপে কৰ্মৰত আছিল অঞ্জুম আৰা।

ৰাজকীয় শাস্ত্ৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অঞ্জুমে কয় যে তেওঁৰ তিনি ভগ্নীও সংস্কৃত ছাত্ৰী। ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে তেওঁ সংস্কৃতক ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিছিল।

image 54
বিভেদ আঁতৰাই ঐক্যৰ বাৰ্তা! ৰামায়ণত পিএইছডি কৰি সংস্কৃত বিষয়ৰ প্ৰধামগৰাকী মুছলমান অধ্যাপিকা হ’ল অঞ্জুম আৰা… 4

সংস্কৃত অধ্যয়নেৰেই কেৰিয়াৰৰ অম্বেষণ কৰিবলৈ চেষ্টা কৰা অঞ্জুম আৰাৰ আন দুগৰাকী ভগ্নীয়েও সংস্কৃততে শিক্ষা গ্ৰহণ কৰি বৰ্তমান শিক্ষকতাৰ সৈতে জড়িত হৈ আছে।

ইফালে ৰামায়ণৰ ওপৰত পিএইছডি কৰা সন্দৰ্ভত অঞ্জুম আৰাই কয় যে এয়া কোনো ডাঙৰ কথা নহয়। তেওঁ হিন্দু ধৰ্মগ্ৰন্থ অধ্যয়নৰ সমান্তৰালভাৱে কোৰানো অধ্যয়ন কৰিছে আৰু দুয়োটা ধৰ্মৰ কিতাপত থকা ভাল কথাসমূহ সদায় গ্ৰহণ কৰাৰ চেষ্টা চলায় আহিছে।