অসম

বিভিন্ন ভাষালৈ অনুবাদ কৰা হ’ব কাব্যঋষি নীলমণি ফুকনৰ কবিতা, মুখ্যমন্ত্ৰীৰ ঘোষণা…

ৰবীন্দ্ৰ ভৱনত সোমবাৰ অনুষ্ঠিত হ’ল ৫৬সংখ্যক ভাৰতীয় জ্ঞানপীঠ বঁটা অনুষ্ঠান৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবি নীলমণি ফুকনক প্ৰদান কৰিলে জ্ঞানপীঠ বঁটা।

শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীত এই সন্মান গ্ৰহণ কৰিব নোৱাৰা কবি গৰাকীৰ বাবে ভাৰতীয় জ্ঞানপীঠে অসমতে এই বঁটা প্ৰদানৰ মনস্থ কৰে।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰে দায়িত্ব লৈ গুৱাহাটীত আয়োজন কৰে বঁটা প্ৰদান অনুষ্ঠানৰ।

অনুষ্ঠানত নীলমণি ফুকনৰ কবিতা সম্পৰ্কে এক দীঘলীয়া ভাষণ ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে যে কাব্যঋষিগৰাকীক নিজ হাতেৰে এই সন্মান যাঁচিবলৈ পোৱাতো তেওঁৰ বাবে চৰম সৌভাগ্য৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰিলে নীলমণি ফুকনদেৱৰ পৰিয়ালৰ অনুমতি পালে কবিগৰাকীৰ সৃষ্টিৰাজীক বিভিন্ন ভাষালৈ অনুবাদ কৰি অসম প্ৰকাশন পৰিষদে বিশ্বৰ বিভিন্ন পাঠকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰি

সেই অনুষ্ঠানতেই কবি গৰাকীৰ কবিতা সমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ কথা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন তৃতীয় গৰাকী অসমীয়া সাহিত্যিক৷

ইয়াৰ পূৰ্বে ১৯৭৯চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ২০০০ চনত ভাৰতীয় সাহিত্যৰ এই সৰ্বোচ্চ সন্মান লাভ কৰিছিল ড৹ মামণী ৰয়ছম গোস্বামীয়ে৷

নীলমণি ফুকনৰ কালিৰ ভাষণ তলত লিখিত আকাৰে আগবঢ়োৱা হ’ল-

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ,
জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।
২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি। অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ। সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম
নিৰ্যাতন
নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।
ধৰ্মান্ধৰ উন্মাদনা
ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ
অনিশ্চয়তা
দৌৰা-দৌৰি।
ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?
চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি। অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা
সোণাৰুৰ অকণমান সোণহালধীয়া লৈ
গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ
নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন, সি খাটাং। তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল, আলোচনীৰ সম্পাদকসকল, ঘৰখন, পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী, অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।
জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধ্বনি কৰি কওঁ, পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ, উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই।
চহৰত সুদীৰ্ঘকাল কটোৱাৰ পিছতো স্মৃতি-স্বপ্ন, বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হৃদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে। গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ।
ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ
নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাৰ মানুহ গৈ কোন সুদুৰত ওলাইছোঁগৈ।
কোনোবা জনমৰ সুহৃদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ
নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ
চিৰকালৰ মানুহৰ অমিত শক্তি
আশা-আকাংক্ষা
জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ
যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে
জড় জীৱন্ত বস্তুবোৰ আছে
জুই-পানী আছে
হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে।
চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে। আমাৰ বিশ্বাস, কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব, সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ, সৰ্বাত্মক এটা মানৱিক যুগৰ।
কবিতা ভাষা শিল্প, জীৱন শিল্পও। সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা।
কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি –
মানুহৰ তেজত
মঙহত-বতাহত-আকাশত
লিখিছোনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’
আনন্দ ৰূপ অমৃত
নীল নিনাদি উঠা হুংকাৰ
যি জীৱনৰ প্ৰতিকল্প
য’ত কালাতীত মহাজীৱনৰ ধ্বনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে•
গুজৰি গুমৰি মৰিছে
বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাঁও এটা তন্ময়ৰ মুহূৰ্ত। লিখো এটা কবিতা বা অকবিতা। তাৰ পাছত আকৌ সেই অতৃপ্তি।
সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা। আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা।
মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য। কবিতাৰো।
মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা
মানুহক দ্ৰষ্টা কৰা
স্ৰষ্টা কৰা।
পৃথিৱীৰ সকলো কবিয়েই সম্ভৱত বাঞ্চা কৰে, পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক।
জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা।
আৰু কবিতা– প্ৰেম, শক্তি, শান্তি, ঐক্য, সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা। এই কাৰণেই ই অক্ষয় আৰু অনন্ত। প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত, যি আনন্দ বেদনাৰ, শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত। কবিতা মানৱতাৰ কণ্ঠস্বৰ। কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ, সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা।
সাৰ্থক কবিতা এটা পঢ়িলে
বা শুনিলে আমি নিজকে পাওঁ
আনকো পাওঁ
হঁহা দেখোঁ
কন্দা দেখোঁ
জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ
ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ।
বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়। নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্ৰণা, সত্য অসত্যক, অতীত, বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূৰ্ণতা, অপূৰ্ণতাক, জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ। ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়।
কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ সকলো কবিয়েই বাঞ্চা কৰে, সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভাতৃঘাতী, আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক।
পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যাত্মিক মুহূৰ্ত।
ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধ্বনি কৰি কওঁ–
কবিতা মাটিৰ চাকি।
কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক।
প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নবীন খোজহে মাথোন। মানুহ, মানুহ, মানুহ, মানুহ, মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী।
তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে? নিচেই কম সংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়। মানুহ য’তেই আছে, তাতেই জড় জীৱন্ত বস্তুবোৰ আছে। তাতেই কবিতা আছে। জীয়াই থকাটোৱেই কবিতা। জীৱনেই কবিতা। কেৱল মানুহৰেই গান আছে। মানুহৰেই আছে এটা চিন্তাশীল আবেগিক ভাব জীৱন, এটা বৃহত্তৰ জীৱন। মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই। মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী। এই কল্পনাই জ্ঞান, আৰু সৃজনীশীল চৈতন্যই পোহৰ। সৃজনশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ।
আহক কবিতা পঢ়োঁ। কবিতাই অমৃত মণি, অভয়। পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হৃদয়ক। আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা।
আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে। আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক, যি আনন্দৰ, বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত।
আহক অনুভৱ কৰোঁ –
মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,
এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা।
অনুভৱ কৰোঁ– মানুহ মুক্ত, জীৱন সুন্দৰ, জুই সুন্দৰ, পানী সুন্দৰ, উইচিৰিঙাৰ মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ, সুন্দৰ মানুহৰ মৃত্যু।
মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হৃদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ। দেশ, কাল, ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্ধ আনন্দত লালিত মোৰ কল্পনা।
অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে। ইয়াৰ পাহাৰ, ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোঁকাৰ তুলি থাকে অনবৰতে, ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য, নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতিয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে। মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই লবলৈ পাই পুলকিত হৈছোঁ।
শেষত, পুনৰবাৰ সমবেত সুধী সমাজক কৃতজ্ঞতা জনাই মোৰ দোৱাইছোঁ, সেৱা জনাইছোঁ।
ধন্যবাদ
নীলমণি ফুকন
১১ এপ্ৰিল ২০২২

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button