বিবাহ অনুষ্ঠানৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ১৪ জনৰ মৃত্যু! প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ…

উত্তৰাখণ্ডৰ চম্পাৱতত সোমবাৰে নিশা দুৰ্ঘটনাত পতিত হয় এখন বিবাহযাত্ৰীৰ বাহন। যাৰ ফলত এতিয়ালৈকে ১৪ জন লোকৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, চম্পাৱতৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ নিলগৰ তনকপুৰৰ পঞ্চমুখী ধৰ্মশালাত অনুষ্ঠিত বিবাহৰ পৰা উভতি অহাৰ সময়তে তনকপুৰ-চম্পাৱত ঘাইপথৰ সৈতে সংযুক্ত ড্ৰাইধাং-দাণ্ডামিনাৰ পথত সংঘটিত হয় পথ দুৰ্ঘটনা।

পুৱতি নিশা প্ৰায় ৩.২০ বজাত সংঘটিত এই দুৰ্ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ ১৪ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

image 4
বিবাহ অনুষ্ঠানৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ১৪ জনৰ মৃত্যু! প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ... 3

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ ১৬ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত আন দুজন যাত্ৰীক ততাতৈয়াকৈ জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পুৱতি নিশা বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে বিবাহযাত্ৰীৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ড্ৰাইধাং-দাণ্ডামিনাৰ পথৰ দাঁতিৰ দ খাদত বাগৰি পৰে। দুৰ্ঘটনাত চালক আৰু আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয় যদিও বাকী ১৪ জনে প্ৰাণ হেৰুৱায়।

বিবাহযাত্ৰী সকলে কাকানাইৰ বাসিন্দা লক্ষ্মণ সিঙৰ পুত্ৰ মনোজ সিঙৰ বিয়াৰ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা। নিহত সকলক ককনাইৰ দণ্ডা আৰু কৌটি গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

image 5
বিবাহ অনুষ্ঠানৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ১৪ জনৰ মৃত্যু! প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ... 4

নিহত সকলৰ ভিতৰত ১১ জনক লক্ষ্মণ সিং (৬১), কেদাৰ সিং (৬২), ঈশ্বৰ সিং (৪০), উমেদ সিং (৪৮), হায়াত সিং (৩৭), পুষ্প দেৱী (৫০), পুনি দেৱী (৫৫), ভাগৱতী দেৱী (৪৫), বাসন্তী দেৱী (৩৫), শ্যাম লাল (৫০) আৰু বিজয় লাল (৪৮) বুলি চিনাক্ত কৰা হৈছে। নিহত সকল দৰাৰ নিকটাত্মীয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও চালকে টোপনি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডত সংঘটিত দুৰ্ঘটনাত শোক প্ৰকাশ কৰে আৰু দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে।

Leave a Comment