
নিউজ ডেস্ক। অন্ধ্ৰপ্ৰদেশৰ চিট্টােৰ জিলাৰ ভাকাৰাপেটা ঘাট পথত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ ঘটনা।
নিশা প্ৰায় ১০.৩০ বজাত এখন অৰ্ধশতাধিক যাত্ৰী কঢ়িয়াই নিয়া বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট গভীৰ খাৱৈত বাগৰি পৰে।
এই দুৰ্ঘটনাত বাছখনৰ ভিতৰত থকা ৭ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে ৪৫ জন যাত্ৰী আহত হয়।
জানিব পৰা মতে, যাত্ৰীসকলে নাগাৰীৰ ওচৰৰ এখন গাঁৱত বিবাহৰ বাগদান অনুষ্ঠানত অংশ ল’বলৈ গৈ আছে।
7 people lost their lives and 45 others injured following a Bus Accident in Andhra Pradesh’s Chittoor. The incident reportedly took place due to negligent driving following which the bus plunged into a valley. pic.twitter.com/4n8VYdxjww
— Manish Mehrotra (@About_Manish) March 27, 2022
তিৰুপতি নগৰ আৰক্ষীৰ মতে, অনন্তপুৰ জিলাৰ ধৰ্মভাৰামৰ বাসিন্দা ৫২ জনীয়া দলটোৱে নাগাৰীৰ ওচৰৰ এখন গাঁৱত অনুষ্ঠিত হ’বলগীয়া এক বাগদান অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়তে ভাকাৰাপেটা ঘাট পথত তেওঁলোকৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দ খাৱৈত বাগৰি পৰে। দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
7 killed, 45 injured in bus accident in Andhra’s Chittoor#AndhraPradesh #BusAccident pic.twitter.com/99avmY4NNc
— Naseeb Khan (@A__Commonman) March 27, 2022
আনহাতে প্ৰত্যক্ষদৰ্শীয়ে এই দুৰ্ঘটনাৰ বিষয়ে চন্দ্ৰগিৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে।
পৰৱৰ্তী সময়ত আহতসকলক তিৰুপতিৰ এছভিআৰ ৰুইয়া চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক পঞ্চায়ত ৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী পেড্ডিৰেড্ডী ৰামচন্দ্ৰ ৰেড্ডীয়ে ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰিছে।
লগতে চাওকঃ
নামভৰ্তি হ’ল যদিও স্কুললৈ যাব নােৱাৰিব কণমানি পূবালীয়ে…
