বিবাহৰ দুদিন পূৰ্বে উৎকোচ লৈ চাকৰিৰ পৰা বৰ্খাস্ত হ’ল এগৰাকী মহিলা আৰক্ষী বিষয়া…

এইবাৰ উৎকোচ লৈ চাকৰিৰ পৰা বৰ্খাস্ত হল এগৰাকী মহিলা আৰক্ষী বিষয়া।

চোৰাং ব্যৱসায়ীৰ পৰা ১০ লাখ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ৰাজস্থানৰ চিৰোহী জিলাৰ বৰলুত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সীমা জাখৰ।

যি ২৮ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। ইয়াৰোপৰি তেওঁৰ সৈতে এই কাৰ্যত জড়িত থকা আন তিনিজন কনিষ্টবলকো বৰ্খাস্ত কৰা হৈছে।

জানিব পৰা মতে, ৰাজস্থান আৰক্ষীয়ে বিষয়া গৰাকীয়ে উৎকোচ গ্ৰহণ কৰি চোৰাং ব্যৱসায়ীক এৰি দিয়াৰ খবৰ লাভ কৰিছিল। ইয়াৰ পিছতেই আৰক্ষী বিভাগে তাৎক্ষণিকভাৱে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে আৰু তদন্তত দোষী সাব্যস্ত হোৱাৰ পিছত বিষয়া গৰাকী আৰু তিনিজন কনিষ্টবলক আৰক্ষী সেৱাৰ পৰা বৰ্খাস্ত কৰে।

আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱে কয় যে, ‘ঘটনাটোৰ প্ৰাথমিক তদন্ত চিৰোহীৰ উপ আৰক্ষী অধীক্ষকৰ দ্বাৰা কৰা হৈছিল। উপ পৰিদৰ্শক সীমা জাখৰ আৰু বাৰলুত আৰক্ষী থানাৰ দায়িত্বত থকা তিনিজন আৰক্ষীৰ দোষী প্ৰমাণিত হোৱা দেখা গৈছিল। ইয়াৰ ফলত আৰক্ষী বিভাগৰ ভাবমূৰ্তিৰ যথেষ্ট ক্ষতি হৈছিল। আৰক্ষী বিভাগে চাৰিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকক আৰক্ষী সেৱাৰ পৰা বৰ্খাস্ত কৰিছে।’

উল্লেখ্য যে বৰ্খাস্ত কৰা আন আৰক্ষীসকলৰ ভিতৰত আছে হেড কনিষ্টবল ওমপ্ৰকাশ বিষ্ণোই, কনিষ্টবল সুৰেশ আৰু হনুমান। এই সকলোবোৰৰ মাষ্টাৰমাইণ্ড আছিল ওমপ্ৰকাশ বিষ্ণোই। তেওঁ চোৰাং ব্যৱসায়ীসকলৰ সৈতে লেনদেন স্থাপন কৰে।

ওমপ্ৰকাশক পূৰ্বতে ৰাজস্থান গুজৰাট সীমান্তৰ ছাপৰি চকীত নিযুক্তি দিয়া হৈছিল। সেই সময়ত তেওঁৰ টকাৰ লেনদেনৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। তাৰ পিছত তেওঁক তাৰ পৰা আঁতৰোৱা হৈছিল আৰু বাৰলুত আৰক্ষী চকীত নিযুক্তি দিয়া হৈছিল। ওমপ্ৰকাশ বিষ্ণোইও বিষয়টোৰ সৈতে মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আগতে এনে ধৰণৰ ঘটনাত জড়িত আছিল।

খবৰ অনুসৰি, এই ঘটনাটো প্ৰায় দুসপ্তাহ পূৰ্বে সংঘটিত হৈছিল। অনুসন্ধানত প্ৰকাশ পাইছিল যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ীজনৰ সৈতে তেওঁলোকে দৰদাম কৰিছিল আৰু চুক্তি নিষ্পত্তি হোৱাৰ পিছত তেওঁৰ পৰা উদ্ধাৰ কৰা ডোডা-পোষ্ট কমকৈ দেখুওৱা হৈছিল।

ডোডা পপী উদ্ধাৰ কৰা হৈছিল দুটা কুইন্টল ১০ কিলোগ্ৰাম। কিন্তু ইয়াক মাত্ৰ ১ কুইন্টাল ৪১ কিলোগ্ৰাম বুলি দেখুওৱা হৈছিল।

চোৰাং ব্যৱসায়ীজন পিছত ১০ লাখ টকা লৈ পলাতক হৈছিল। কিন্তু গোটেই ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছিল।শেহতীয়াকৈ, ৰাজস্থান আৰক্ষীত এনে ধৰণৰ কাৰ্য্য চলোৱা কেইবাজনো আৰক্ষীক বৰ্খাস্ত কৰা হৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment