বিবাহৰ আনন্দৰ মাজতে অঘটন! কুঁৱাত পৰি ১৩ জনকৈ লোকৰ কৰুণ মৃত্যু…

বিবাহ অনুষ্ঠানৰ আনন্দ উৎসৱৰ মাজতে সংঘটিত হল এক শোকাবহ ঘটনা। বিবাহৰ কাৰ্যসূচীত অংশ লোৱা ১৩ জনৰ এটা কুঁৱাত পৰাৰ ফলত মৃত্যু ঘটে।

উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ নৌৰঙ্গিয়া টোলা গাঁৱত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা।

জানিব পৰা মতে, বুধবাৰে নিশা গাঁওখনত এখন বিয়াৰ জোৰণৰ ৰীতি-নীতি সম্পন্ন কৰা হৈছিল। এটা কুঁৱাৰ পাৰত সম্পন্ন হোৱা এই অনুষ্ঠানত দুৰ্ঘটনাবশতঃ লোহাৰ নেট ভাগি কেইবাজনো লোক কুঁৱাত পৰি যায়।

এই শোকাবহ ঘটনাত ১৩ গৰাকী মহিলা আৰু যুৱতী নিহত হোৱাৰ লগতে আন ১০ জন আহত হয় বুলি জানিব পৰা গৈছে।

Image

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

আনহাতে দুৰ্ঘটনাত নিহত সকলৰ আত্মীয়ক ৪ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

Image

Leave a Comment